26
Mar
2019

ওদালগুৰিঃ লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে আৰক্ষীয়ে।
সকলো তৎপৰ হৈ থকাৰ মাজতে ভৈৰৱকুণ্ডত সোমবাৰে এছএছবিয়ে এখন বলেৰ’ বাহনত ৪ বস্তা ভাং উদ্ধাৰ কৰাৰ লগতে বলেৰ’খনৰ চালক দৈমালু দৈলাৰীক আটক কৰে।
ভৈৰৱকুণ্ড আৰক্ষী সূত্ৰই সাংবাদিকক জানিব দিয়া মতে, ভৈৰৱকুণ্ডত বাহৰ পাতি থকা এছএছবি জোৱানে সোমবাৰে আবেলি ভৈৰৱকুণ্ডত তালাচী চলাওতে এএছ০১ডিচি১৫৬৪ নম্বৰৰ বলেৰ’ পিকআপ ভানখনৰপৰা ৪ বস্তা ভাং উদ্ধাৰ কৰে।
এছ এছ বিয়ে বলেৰ’খনৰ লগতে চালক জনকো আটক কৰি পাছত ভৈৰৱকুণ্ড আৰক্ষীক হস্তান্তৰ কৰে। আৰক্ষীয়ে মঙলবাৰে ভাংসহ চালকজনক আদালতত হাজিৰ কৰাত আদালতে চালক দৈমালু দৈমাৰীক জে’ললৈ প্ৰেৰণ কৰা বুলি আৰক্ষীয়ে সাংবাদিকক জনায়।