
ওদালগুৰিঃ ওদাগুৰিৰ জ্যেষ্ঠ তথা চৰকাৰী অধিবক্তা, বি পি এফৰ নীতি নিৰ্ধাৰণ সমিতিৰ সদস্য তথা আদিবাসী বিশিষ্ট নেতা ফিলিমন বাস্কেৰ (৫৯) মঙলবাৰে পুৱা মৃত্যুঘটে।
দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত বাস্কে গুৱাহাটীৰ ছানভেলী হাস্পাতালত চিকিৎসাধীন হৈ আছিল। আজি বাস্কেৰ মৃতদেহ নিজ ঘৰৰপৰা ওদালগুৰি জিলা বি পি এফৰ কাৰ্যলয়লৈ লৈ অনা হয়।
তাত দলীয়ভাৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী ৰিহন দৈমাৰী, বিধায়ক চনৰ বড়ো; বি টি চিৰ অধ্যক্ষ ত্ৰিদিপ দৈমাৰী, ই এম জগদ্বীশ চৰকাৰ আৰু এম চি এল এ ৰিপেন দৈমাৰীৰ উপৰি অন্যান্য দলীয় সদস্যসকলে।
তাৰ পাছত আদিবাসী সাহিত্য সভা ভৱনলৈ নি মৃতদেহত গভীৰ শ্ৰদ্ধাঞ্জলি জনায়। চৰকাৰী অধিবক্তাগৰাকীৰ মৃতদেহ ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদলৈ নি আদালত তৰফৰপৰাও শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত উকীল সন্থাৰ কাৰ্য্যলয়লৈ নিয়া হয়।
তাত অধিবক্তা সকলে পুস্পাঞ্জলি অৰ্পণেৰে অধিবক্তাগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই উকীল সন্থাই। ওদালগুৰিৰ সকললোৰে পৰিচিত বিশিষ্ট ব্যক্তি ফিলিমন বাস্কেৰ মৃত্যুত সমগ্ৰ ওদালগুৰিতে শোকৰ ছাঁ পৰে।