ওদালগুৰিঃ ওদালগুৰি জিলাৰপৰা তিনিজন যুৱক আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ওদালগুৰি আৰক্ষী প্ৰশাসনে। উল্লেখযোগ্য যে বিগত ২ নৱেম্বৰত ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত বৰংগাবাৰী গাঁৱত গোপন সূত্ৰৰপৰা লাভ কৰা তথ্যৰ ভিত্তিত হৰিশিঙা আৰক্ষী আৰু সেনাই এক অভিযান চলাই দুজন সন্দেহযুক্ত আলফা (স্বা)ৰ লিংকমেন আটক কৰিবলৈ সক্ষম হৈছিল। আটকাধীন লোক দুজন বৰংগাবাৰী গাঁৱৰ বলেন ডেকা (৩৫) আৰু ডিম্বেশ্বৰ ডেকা (৩২)। 

দুয়োজনৰ বিৰুদ্ধে হৰিশিঙা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১০/১৩ নম্বৰ ধাৰাৰ অধীনত ৪৬/১৮ নম্বৰত এক গোচৰ ৰুজু হয়। পাছত লোক দুজনক ওদালগুৰি আদালতত হাজিৰ কৰোৱাত আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত ওদালগুৰি আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙক সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় যে আলফাৰ লিংকমেন ভাষ্য মতে,
ওদালগুৰিৰপৰা তিনিজন যুৱক ক্ৰমে সুশান্ত নাথ, জয়ন্ত ডেকা আৰু ধনজিৎ ডেকাই নতুনকৈ আলফা (স্বা)ত যোগদানৰ কৰিছে। 

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দি কয় যে এই সন্দৰ্ভত আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে। আনহাতে জিলাখনৰপৰা আৰু অধিক যুৱক আলফা (স্বা)ত যোগদানৰ সন্দেহ প্ৰকাশ কৰা হৈছে। স্মাৰ্তব্য যে বিগত কিছুদিন পূৰ্বে আলফা নেতা অনুপ চেতিয়াই সংবাদ মাধ্যমৰ সন্মুখত আশংকা প্ৰকাশ কৰি কৈছিল যে উজনি অসমৰ সমান্তৰালকৈ নামনি অসমৰ কেইবাখনো জিলাৰ বহু যুৱক জাতিটোৰ এই সন্ধিক্ষণত সংগঠনটোলৈ গতি কৰাৰ বাবে মানসিকভাৱে প্ৰস্তুত হৈছে। আলফা নেতাজনৰ এনে ভাষ্যৰ পাছতে সন্দেহ হৈছিল যে ওদালগুৰি জিলাৰপৰাও কিছু যুৱক সংগঠনটোলৈ ঢাপলি মেলিছে। কিন্তু সৌ সিদিনা ওদালগুৰি আৰক্ষীৰ জালত পৰা আলফাৰ লিংকমেন দুজনৰ ভাষ্য‌ই চিন্তিত কৰি তুলিছে ওদালগুৰি প্ৰশাসনক।