♦ প্ৰকৃতি ৰাণীৰ বুকুত ত্ৰিশ সহস্ৰাধিক বনভোজপ্ৰেমীৰ ভিৰ

ওদালগুৰিঃ ইতিহাসৰ পাতত বিদায় মাগিলে পুৰণি ২০১৮ বৰ্ষটিয়ে। লগে লগে মাজ নিশা বাৰ বজাৰ পাছত আগমণ ঘটিল বহু আশা প্ৰত্যাশাৰ নতুন বছৰ ২০১৯। 

পুৰণিক বিদায়ৰ উদ্দেশ্যে সোমবাৰৰ মাজ নিশা পৰ্যন্ত আনন্দত মতলীয়া হৈ থালি বিশ্ববাসী। সমান্তৰালকৈ ওদালগুৰিৱাসীয়েও নিজৰ আপোন তথা বন্ধুবৰ্গৰ সৈতে লগ হৈ এসাঁজ লগে-ভাগে খাই বিদায় দিলে পুৰণি বৰ্ষটিক।

ইয়াৰ পাছত নতুন বছৰৰ পহিলা দিন অৰ্থাৎ মঙলবাৰে বিভিন্ন মন্দিৰ-নামঘৰসমূহত দেখা গ'ল ভক্তৰ ভিৰ। আগন্তুৰ বছৰটি আপোনজনৰ মংগল তথা দেশবাসীৰ মংগল কামনাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনালে। 

সমান্তৰালকৈ বনভোজস্থলীসমূহতো দেখা গ'ল লোকেলোকাৰণ্য পৰিৱেশ। ওদালগুৰি জিলাৰ ভূটান, অৰুণাচল প্ৰদেশ আৰু অসমৰ ত্ৰিৱেনী সংগমস্থলী ভৈৰৱকুণ্ডতো দেখা গ'ল বনভোজপ্ৰেমীৰ ভিৰ। 

নৱবৰ্ষৰ পহিলা দিনটোত সহস্ৰাধিক সৰু-বৰ বাহনেৰে প্ৰায় ত্ৰিশ সহস্ৰাধিক লোকৰ সমাগম হয় উক্ত বনভোজস্থলীত। বনভোজপ্ৰেমীৰ ইমানেই ভিৰ হৈছে যে উক্ত বনভোজস্থলীত স্থানৰ অভাৱত অৰুণাচল প্ৰদেশৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰি নদীৰ পাৰত বনভোজ খোৱা পৰিলক্ষিত হৈছে।

আনহাতে বনভোজস্থলীৰ সমীপতে থকা ভূটান সীমান্ত আৰু অৰুণাচলত অৱস্থিত দুখনকৈ ওলোমা দলঙৰ অভিজ্ঞতা উপভোগ কৰে বনভোজপ্ৰেমীসকলে। ইয়াৰোপৰি বনভোজস্থলীত গঢ়ি উঠা পকা মিঠা কমলাবোৰ কিনিবলৈ সকলোৰে মাজত হেতাওপৰা দেখিবলৈ পোৱা গ'ল।

বিশ টকাত তিনিটাকৈ পকা আৰু মিঠা কমলাৰ সোৱাদ ল'লে বনভোজৰ বাবে অহা লোকসকলে। ইফালে নিৰাপত্তাৰ ক্ষেত্ৰত কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিলে ভূটান-অৰুণাচল প্ৰদেশ আৰু অসম আৰক্ষীয়ে। 

ভূটানত বাহনবোৰ প্ৰৱেশত বাধা আৰোপ কৰাৰ লগতে অৰুণাচল আৰক্ষীয়ে তেওঁলোকৰ ৰাজ্যত প্ৰৱেশ কৰা বাহনসমূহ তথা বনভোজকাৰী দলবোৰৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা পৰিলক্ষিত হ'ল। বনভোজস্থলীৰ ওপৰেৰে পাৰ হৈ যোৱা জলসিঞ্চন বিভাগৰ শ্বুইচগে'টৰ পথটো ঠেক হোৱা বাবে তীব্ৰ যান-জঁটৰ সৃষ্টি হয় যদিও অসম-অৰুণাচল আৰক্ষীৰ লগতে এছ‌ এছ বিয়ে যান-জঁট কম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়।

সি যিয়েই নহ‌ওক ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত বনভোজপ্ৰেমীৰে ভৰি পৰিছে ওদালগুৰিৰ ভূটান, অৰুণাচল প্ৰদেশ আৰু অসমৰ ত্ৰিৱেনী সংগমস্থলী ভৈৰৱকুণ্ড বনভোজস্থলী।