ওদালগুৰিঃ পৰকীয়া প্ৰেমৰ পৰিণতিত ওদালগুৰিত গুলীয়াই আত্মহত্যাৰ চেষ্টা এছ‌ এছ বি জোৱানৰ!

ওদালগুৰি চহৰৰ মাজমজিয়াত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ সমীপত অৱস্থিত এছ এছ বি শিবিৰত যোৱা নিশা সংঘটিত হয় এক গুলীচালনাৰ ঘটনা।

কিন্তু প্ৰথমাৱস্থাত ইয়াক বৰদিনৰ ফটকাৰ শব্দ বুলি স্থানীয় ৰাইজে অনুমান কৰিছিল। বুধবাৰে পলমকৈ জানিব পৰা মতে হাৰিয়ানাৰ মনোজ কুমাৰ নামৰ ৬১ নং এছ এছ বিৰ জোৱান এজনে নিজৰ শৰীৰত গুলী চলাই আত্মহত্যাৰ চেষ্টা  চলায়।

ঘটনাৰ পাছতে তেজেৰে লুতুৰি পুতুৰি আহত জোৱানজনক স্থানীয়  চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে নিশাই তেওঁক গুৱাহাটীস্থিত ডাউন টাউন হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

স্থানীয় সূত্ৰৰপৰা জানিব পৰা মতে, কোনো মহিলাৰ সৈতে পৰকীয়া প্ৰেমৰ সম্পৰ্ক আছিল জোৱানজনৰ। কিন্তু কালি নিশা দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হয়।

তেনে পৰিস্থিতিতে জোৱানজনে নিশা প্ৰায় ৯ বজাত নিজৰ শৰীৰত গুলী চলাই আত্মহত্যাৰ চেষ্টা কৰে। গুলীয়ে জোৱানজনৰ সোঁ-হাতৰ বাহুভেদি পাৰ হৈ যোৱা বুলি আৰক্ষী সূত্ৰে জানিব পৰা যায়।

ঘটনাটোৰ বিষয়ে খবৰ বিয়পাৰ লগে লগে সমগ্ৰ ওদালগুৰিতে চাঞ্চল্য‌ বিৰাজ কৰে।