ডিজিটেল ডেস্কঃ দেশব্যাপি দলিত-আদিবাসী ৰাজ পথলৈ ওলাই অহাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে পুনঃবিচাৰ যাচিকা আদালতত দাখিল কৰাৰ কথা এক বিবৃতি যোগে ঘোষণা কৰে৷ সামাজিক ন্যায় মন্ত্ৰণালয়ে এই সিদ্ধান্ত লয়৷ 

আন্দোলন সমাপ্ত কৰাৰ আৱেদন জনাই মন্ত্ৰী থাৱৰচান্দ গেহলটে৷ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে পুনঃবিচাৰ যাচিকা দাখিল কৰিব বুলি কৈ ভাৰত চৰকাৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কল্যাণৰ বাবে সাজু থকা বুলি কয়৷ 

আনহাতে কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে চৰকাৰৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা নিয়োগ কৰি উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে পিটিচন দাখিল কৰিব বুলি সংবাদ মাধ্যমক অৱগত কৰে৷ 

উল্লেখ্যে যে, উচ্চতম ন্যায়ালয়ে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সুৰক্ষা আইন অধিনিয়ম-১৯৮৯ অনুসৰি গ্ৰেপ্তাৰ আৰু অপৰাধীক গোচৰ ৰুজু কৰিব নোৱাৰাৰ সিদ্ধান্ত লয়৷ এই খন আইনে বিভিন্ন সময়ত ভেদভাৱ, অত্যাচাৰ সন্মুখীন হোৱা সম্প্ৰদায়ক সুৰক্ষা দিছিল৷ 

দেশৰ বিভিন্ন প্ৰান্তৰ আঞ্চলিক পৰ্যায়ৰ সংগঠন সমূহেও নাৰাজ হয় চৰকাৰৰ বিৰুদ্ধে৷ চৰকাৰে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰাত ফেইল হৈছে বুলি অভিযোগ উত্থাপন হয়৷ উল্লেখ্য যে, ন্যায়ালয়ে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ আইনৰ দ্বাৰা কোনো লোকক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে জিলা আৰক্ষীৰ উপ-অধীক্ষক পৰ্যায়ৰ আৰক্ষী বিষয়াৰ দ্বাৰা গোচৰৰ তদন্ত হোৱা প্ৰয়োজন বুলি কয়৷ জ্যেষ্ঠ ন্যায়াধীশ আদৰ্শ গোৱেল আৰু য়ু য়ু ললিতৰ বেঞ্চে কয়, এছচি-এছটি আইনৰ অধিনত গোচৰ ৰুজু হলে জামিন নিদিয়াৰ কোনো পূৰ্ণ প্ৰতিবন্ধকতা নাই৷

এছচি-এছটি আইন দলিত আৰু আদিবাসীসকলৰ বিৰুদ্ধে উৎপীড়ন ৰোধ কৰাৰ এখন বিশেষ আৰু গুৰুত্বপূৰ্ণ আইন ৰূপে জনা যায়৷ মোডী চৰকাৰ এই ক্ষেত্ৰত আদালতত ভূমিকা পালনত বিফল হৈছে বুলি অভিযোগ উত্থাপন কৰি দেশৰ দলিত সংগঠনে বিজেপিক দলিত বিৰোধী আখ্যা দি সোমবাৰে ভাৰত বন্ধৰ আহ্বান জনাইছিল৷ সমগ্ৰ দেশত ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ পৰাৰ লগতে ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়৷