খেৰণিঃ কৰ্বি আংলং জিলাৰ খেৰণিত এগৰাকী মীন বিষয়াই চাইকেল আৰোহিক প্ৰহাৰ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মীন বিভাগৰ ৰমণী ডেকা নামৰ বিষয়াগৰাকীয়ে গাড়ীৰে লংকা অভিমুখে গৈ থকা অৱস্থাত খেৰণিৰ থং-নকবে দলঙৰ সমীপত চাইকেল আৰোহিক প্ৰহাৰ কৰি নিজৰ বীৰত্ব দেখুৱাই৷

চাইকেল আৰোহীক প্ৰহাৰ কৰাৰ পিছতে একাংশ লোকে বাধা দিয়াত বিষয়াগৰাকীয়ে তৰ্কত লিপ্ত হয়৷ ঘটনাস্থলিত স্থানীয় সাংবাদিক উপস্থিত হৈ ঘটনা সন্দৰ্ভত জানিবলৈ বিছৰাত নিজৰ নাম প্ৰকাশ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰাৰ লগতে নিজকে মীন পালন বিভাগৰ কৰ্মচাৰী বুলি কৈ একো নজনাৰ ভাওঁ জুৰি নিজৰ ভুল ঢাকিবলৈ চেষ্টা কৰে।

সাংবাদিকৰ কেমেৰা দেখি বিষয়া ৰমণী ডেকাই খৰখেদাকৈ এএছ-০৯-বি-৩২৯৯ নম্বৰৰ চৰকাৰী বাহনখনত উঠি পলায়ণ কৰে। ৰানাইমা মীন পালন প্ৰতিষ্ঠান লোকে বিষয়গৰাকীৰ নাম ৰমণী ডেকা বুলি জানিবলৈ দিয়ে। খেৰণিৰ মাজমজিয়াৰ থং-নকবেৰ পকী দলংখন ঠেক তথা সৰু৷ ফলত একে দিশৰ পৰা নতুবা বিপৰীত দিশৰ পৰা একেলগে চাৰি-চকীয়া বাহন একে সময়ত আহ-যাহ কৰাটো সম্ভৱ নহয়৷ যাৰ পৰিপ্ৰেক্ষিতত দলংখনত বাহন সহ পাৰ হ’বলৈ মানুহ ৰৈ থাকিব লগা হয়৷ এনে সময়তেই সামান্য কথাৰ বাবে নিৰ্দোষী লোকজনক বিষয়াগৰাকীয়ে প্ৰহাৰ কৰে৷