16
May
2017

মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত মাকুমকিল্লাৰ নিজমাকুম অঞ্চলৰ পৰা মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গিৰীণ সোণোৱালে এক অভিযান চলাই চাৰি দুধৰ্ষ তেল চোৰক আটক কৰে৷
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি অভিযান চলাই চাৰি দুধৰ্ষ তেল চোৰক আটক কৰে। উল্লেখযোগ্য যে, মাৰ্ঘেৰিটাৰ ডিৰক চাহ বাগিচাস্থিত হিন্দুস্থান অইল এক্সপ্ল’ৰেশ্যন কোম্পানী লিমিটেডৰ তেল পাইপৰ জড়িয়তে ডিগবৈ আইঅচি লৈ সৰবৰাহ হয়।
এই তেল পৰিবাহী পাইপ মাকুমকিল্লা অঞ্চলত বিশেষ পদ্ধতিৰে কাটি এই চাৰি চোৰে যোৱা এপ্ৰিল মাহৰ পৰা তেল চুৰি কৰি আহিছিল। আৰক্ষীয়ে আটক কৰা দুধৰ্ষ তেল চোৰ কেইজন হ’ল ক্ৰমে ৰিন্টু মহন (৩৬), হৰেণ বৰুৱা (৩৫), দীপক বৰুৱা (৩০) আৰু সোণেশ্বৰ গগৈ (২৭)। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।