
শিৱসাগৰঃ অসমৰ জনসাধাৰণৰ বাবে এক পাহৰিব নোৱাৰা দুযোগময় কলংকিত দিন ২০০৮ বর্ষৰ ৩০ অক্টোবৰ । ৰাজ্যৰ সর্বজনৰয় অন্তৰত নিদাৰুণ আঘাট দি যোৱা এক ভয়াবহ কাল ধুমুহা হিচাপে থিয় দিয়া উক্ত দিনটোত নৰঘাটকে মানুহৰ তেজ আৰু জীৱনক লৈ যি খেলা কৰিলে সেইয়া মানুহৰ মনৰ পৰা কোনো দিন মচিব নোৱাৰা এক কলা অধ্যায় ।
মানৱ ৰূপী দানৱৰ সেই খেলত বহুতো উঠি অহা যৌৱন স্তব্ধ হৈ ৰল, বহু গৰাকী মাতৃৰ বুকু সুদা আৰু বহু পত্নীৰ শিৰৰ সেন্দুৰ চিৰ দিনৰ বাবে নোহোৱা হৈ গল । গুৱাহাটী মহানগৰীৰ গণেশগুৰি, কাছাৰী, পানবজাৰ, বৰপেটা ৰোড আৰু কোকৰাঝাৰ আদি বিভিন্ন ঠাইত ধাৰাবাহিক ভাবে ঘটা বিস্ফোৰণত অসমৰ সমাজ আৰু জনসাধাৰণৰ বাবে যি বিপর্য্যয় কঢ়িয়াই আনিলে সেইয়া যেন ইতিহাসেই সাক্ষী । আজিও সেই ভয়াবহ দিনৰ স্মৃতি বহন কৰি বহুজন পংগুহৈ জীৱনৰ লগত যুঁজ কৰিব লগা হৈছে ।
উল্লেখযোগ্য যে, ৩০ অক্টোবৰ দিনটোত নিহত সকলৰ বাবে এটুপি অশ্রু অঞ্জলি যচাঁৰ মানসৰে সমগ্ৰ অসমবাসীৰ লগতে শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলৰ ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে উক্ত দিনটো সন্ত্রাস বিৰোধী দিন হিচাবে পালন কৰে । বিশেষকৈ ঐক্য সেনা অসমৰ নামতি আঞ্চলিক আজি সন্ধিয়া নামতি চাৰি আলিত এক শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ।
নামতি আঞ্চলিক সমিতিৰ মুখপাত্ৰ লুতফুৰ ৰহমানে আঁত ধৰা অনুষ্ঠানটো উপস্থিত থাকি শিৱসাগৰ জিলাৰ মূখ্য সম্পাদক জাকিৰ হুছেইনে ৩০ অক্টোবৰৰ ২০০৮ বর্ষৰ ঘাটক মানৱ ৰূপী দানৱ উগ্ৰপন্থী সকলৰ এনে ধৰণৰ বর্বৰোচিত কার্য্যক কঠোৰ ভাষাৰে সমালোচনা কৰি নিহত আৰু আহঁত পৰিয়াল বর্গলৈ সমবেদনা জ্ঞাপন কৰে । লগতে আহত সকলৰ আহো আৰোগ্য কামনা কৰি এনে ঘটনা যাতে পুণৰাবৃত্তি নহয় তাৰ বাবে সকলো ৰাইজক মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায় । আনহাতে, অশান্তি জর্জৰ অসমত যাতে চিৰ শান্তি বিৰাজ কৰে সেইতো সকলোৱে কামনা কৰাৰ লগতে সকলোৱে সন্ত্রাসবাদ নিমূল হওক, দেশত শান্তি আৰু প্রগতি স্থাপন হওক , প্রেম ভাতৃত্ববোধ অটুত ৰখাৰ কামনা কৰে । শতাধিক ৰাইজ উপস্থিত থকা উক্ত শ্রদ্ধাঞ্জলি অনুষ্ঠানত সংগঠনটোৰ শিৱসাগৰ জিলা কার্যনির্বাহক নুৰুল ইছলাম, নামতি আঞ্চলিক সমিতিৰ মুখ্য সম্পাদক গোলাপজান আলী, যুটীয়া সম্পাদক আচিক আহমেদৰ লগতে অঞ্চলটোৰ ভালেকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।
শিৱসাগৰৰ পৰা জিয়াৰুদ্দিন আহমেদ