
কোকিলাঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ নৱেম্বৰৰ মাজ নিশাৰ পৰা ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰাৰ পাছৰে পৰা দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো নলা, নৰ্দমা হাবিয়ে জংঘলে ৫০০ আৰু ১০০০ টকীয়া নোট উদ্ধাৰ হৈ আহিছে৷
পুৰণি ৫০০ আৰু ১০০০ টকীয়া নাম পোৱা এই নোটসমূহ আশংকা কৰা অনূসৰি একাংশ লোকে বাটে-ঘাটে, নলা, নৰ্দমাত পেলাই দিয়াৰ লগতে জ্বলায়ো দিছিল৷ বিমুদ্ৰাকৰণৰ সেই দিন পাৰ হৈ যোৱাৰ প্ৰায় এবছৰেই হ'বৰে হ'ল। তাৰ মাজতে ভিন্ন ঠাইত আজিও উদ্ধাৰ হৈ আছে অচল নোটসমূহ।
দীৰ্ঘদিনৰ অন্তত এইবাৰ পুৰণি অচল নোট উদ্ধাৰ হৈছে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৰাজপথত৷ যেন মাণিকপুৰৰ ৰাজথত পুৰনি নোটৰ উজান হে উঠিছে। ছিৰি টুকুৰা টুকুৰি কৰি কোনো লোকে নিশা ৰাজপথত পেলাই থৈ যায় পুৰণি ৫০০ আৰু ১০০০ টকীয়া নোট৷
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পৰি থকা ৫০০ আৰু ১০০০ টকীয়া নোটৰ টুকুৰালৈ লক্ষ্য কৰি কোটি কোটি টকা হ’ব বুলি মত ব্যক্ত কৰে স্থানীয় লোকে। কলা ধনৰ গৰাকীয়ে সলাই লোৱাৰ সুবিধা নাপায় অৱশেষত টুকুৰা টুকুৰ কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে ৰাইজে।
কোনে ৰাজ পথত এইদৰে অচল নোট পেলাই থৈ গ'ল সেই কথাৰ সম্ভেদ ওলোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মাণিকপুৰৰ পাতিলাদহা তিনি আলিত এনেদৰে অচল টকা পেলাই থৈ যোৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আনহাতে একাংশ লোকে কোটি টকাৰ গৰাকীৰ আদৰৰ টকাই এতিয়া ৰাজপথত কান্দিছে বুলিও কটুক্তি কৰে।