
নলবাৰীঃ নিজৰ পেটত চুৰিৰে হানি এগৰাকী বৃদ্ধই আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নলবাৰী জিলাত৷ দীৰ্ঘদিন ধৰি বিভিন্ন ৰোগাত আক্ৰান্ত হৈ মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে লোকজনে৷ নলবাৰী জিলাৰ মালিকুছিত গান্ধী পাৰ্কৰ সমীপত নিজৰ পেটত চুৰিৰে হানি আত্মহত্যা কৰে মণিৰ আলী নামৰ প্ৰায় ৭০ বছৰীয়া লোকজনে৷
ইতিপূৰ্বে পত্নীৰ মৃত্যু হোৱা মণিৰ আলীৰ বিগত পোন্ধৰ দিনমান খোৱা লোৱা কৰিব পৰা নাছিল। পেচাত সাধাৰণ কাপোৰৰ ব্যৱসায়ী লোক জনে এনেদৰে কিয় আপোনঘাটি হল সেয়া নিশ্চিত জানিব পৰা হোৱা নাই যদিও দীৰ্ঘদিন বেমাৰৰ লগত যুজঁ দি হতাশাগ্ৰস্ত হৈ অৱশেষত এনে সিদ্ধান্ত লোৱা বুলি পৰিয়ালে সন্দেহ কৰিছে। এটা কোঠাত অকলে থকা মণিৰ আলীৰ মৃতদেহ পুৱা হে উদ্ধধাৰ হয়৷ বুধবাৰে পূৱা বহু সময়লৈ কোঠাৰ পৰা ওলাই নহাত পৰিয়ালৰ লোকে কোঠাৰ ভিতৰত প্ৰৱেশ কৰি মণিৰ আলীৰ ৰক্তাক্ত শৰীৰে প্ৰত্যক্ষ কৰি হুৱাদুৱা লাগে৷