তেজপুৰঃ ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে গাৰ্হস্থ্য হিংসা। ইয়াৰ মাজতে আজি শোণিতপুৰ জিলাৰ বিহগুৰি মৌজাৰ ৰঙামাটি গাঁৱত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা।

প্ৰাপ্ত বাতৰি মতে, আজি পুৱা প্ৰায় ৬ বজাত জিলাখনৰ ৰঙামাটি অঞ্চলৰ দুৰ্লভা দাস নামৰ ৬০ উৰ্ধৰ বৃদ্ধা এগৰাকীয়ে ঘৰৰ পৰা ১ কিঃমিঃ নিলগৰ ডিপোটা দলঙৰ পৰা জাপ মাৰি আত্মহনন কৰে।

স্থানীয় ৰাইজৰ ভাষ্য মতে পুত্ৰ-বোৱাৰীয়ে দীৰ্ঘিদন ধৰি  তেওঁৰ ওপৰত মানসিক আতিশয্যা চলাই আহিছিল। পুত্ৰজন কৰ্মসূত্ৰে বাহিৰত আছিল যদিও যোৱা ১৮ জুন ঘৰ আহি পোৱাৰ পাছত গৃহকন্দলে চূড়ান্ত ৰূপ লয় বুলি জনাইছে চুবুৰীয়াসকলে।

এনে কন্দলৰ ফলশ্ৰুতিতেই ৬০ উৰ্ধৰ বৃদ্ধাগৰাকীয়ে আত্মহত্যা কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।

উল্লেখ্য যে, পুৱাৰ ভাগত বৃদ্ধাগৰাকীয়ে নিজৰ কোঠাৰ দুৱাৰখন বাহিৰৰ পৰা বন্ধ কৰি কাকো একো নজনোৱাকৈ খৰখেদাকৈ ওলায় গৈছিল। ঘৰৰ পৰা ওলাই গৈ বৃদ্ধাগৰাকীয়ে ডিপোটা দলং পায়েই তললৈ জাপ মাৰে।

সেই সময়তে অটোচালক এজনে উক্ত দৃশ্য দেখিবলৈ পোৱাত স্থানীয় লোকসকলক অৱগত কৰে। কিন্তু ডিপোটা নৈৰ ভৰা পানীত সকলোৱে নামিবলৈ ভয় কৰাত বেবেজীয়া আৰক্ষী চকী আৰু বিহগুৰি আৰক্ষী চকীত খবৰ দিয়া হয়।

ততাতৈয়াকৈ আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হৈ এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে। বৰ্তমান এছ ডি আৰ এফ বাহিনীৰ ডুবাৰু জোৱানে বৃদ্ধাগৰাকীক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বাতৰি প্ৰেৰণ কৰা মুহূতৰ্লৈকে কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।