ৰঙিয়াঃ বেণ্ডপাৰ্টিলৈ বেণ্ড বজাই মৃতকক নিলে শ্মশানলৈ। শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সঁচা। দুখ বেদনাৰে নহয়, আনন্দেৰে শোভাযাত্ৰা কৰি শ্মশানলৈ নিয়া হ’ল আপোনজনৰ মৃতদেহ। 

শুকুৰবাৰে এই বিৰল দৃশ্য দেখা গ’ল কামৰূপ জিলাৰ ৰঙিয়াত। চহৰখনৰ ভট্টাপাৰা নিবাসী বিমল ফেঞ্চি ষ্টোৰৰ স্বত্বাধিকাৰী বিমল জৈনৰ মৃতদেহ পৰিয়ালবৰ্গ আৰু ওচৰ-চুবুৰীয়াই বিয়াৰ দৰেকৈ বেণ্ড বজাই শ্মশানলৈ নিয়ে।

'ৰাম নাম সত্য হ্যায়’ আৰু তালৰ ধ্বনিৰ পৰিৱৰ্তে শ্মশান যাত্ৰাত বেণ্ডপাৰ্টীৰ শব্দ শুনি ৰঙিয়াবাসী হতবাক হৈ পৰে। অৱশ্যে পিছত কাৰণ জানিব পাৰি থৰ হৈ পৰিবলৈ বাধ্য হয়।

জানিব পৰা মতে, মৃত্যুৰ কিছুদিন পূৰ্বে তেওঁ পৰিয়ালৰ লোকসকলক এক বিশেষ অনুৰোধ কৰিছিল। সেই অনুৰোধ হৈছে এয়ে যে তেওঁৰ মৃত্যুত কোনেও হিয়া ঢাকুৰি কান্দিব নোৱাৰিব আৰু 'ৰাম নাম সত্য হ্যায়’ ধ্বনিৰ পৰিৱৰ্তে বেণ্ড বজাই আনন্দ-স্ফূৰ্তি কৰি শ্মশান যাত্ৰা কৰিব লাগিব।

আপোনজনৰ শেষ অনুৰোধ ৰক্ষা কৰিব বুলি কথা দিয়াৰ পিছতে বৃহস্পতিবাৰে নিশা নিজ বাসগৃহত চকু মুদে পেছাত বস্ত্ৰ ব্যৱসায়ী ৬৫ বৰ্ষীয় বিমল জৈনে।

হৃদৰোগত আক্ৰান্ত হৈ জৈন মৃত্যুুমুখত পৰাৰ পিছতে ঘৰখনত অৱধাৰিতভাৱেই কান্দোনৰ ৰোল উঠে যদিও তেওঁৰ শেষ অনুৰোধলৈ মনত পেলাই পৰিয়াল-পৰিজন আৰু ওচৰ-চুবুৰীয়াই বেণ্ড বজাই লোকজনৰ মৃতদেহ শ্মশানলৈ নিয়ে। 

জৈনৰ শেষ ইচ্ছা অনুযায়ী শ্মশান যাত্ৰাত 'বিমল জৈনৰ অন্তিম যাত্ৰা’ বুলি বেনাৰত লিখি সেই বেনাৰ সমুখত লৈ বেণ্ড বজাই যাত্ৰা আৰম্ভ কৰা হয়।

ব্যতিক্ৰমী চিন্তাৰ গৰাকী চহৰখনৰ জনপ্ৰিয় ব্যৱসায়ীগৰাকীৰ এই ব্যতিক্ৰমী অন্তিম যাত্ৰা এতিয়া ৰঙিয়াত আলোচনাৰ বিষয় হৈ পৰাৰ লগতে বহুতকে কথাবোৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰি তুলিছে।