তেজপুৰ টাউনঃ বাবা ৰামদেৱৰ পতঞ্জলিৰ হাৰ্বেল পাৰ্কত চাকৰি দিয়াৰ নামত ৰাজ্যত চলিছে ৰমৰমীয়া ব্যৱসায়৷ একাংশ লোকে পতঞ্জলি হাৰ্বেল পাৰ্কত চাকৰি দিয়াৰ নামত নিৱনুৱা যুৱকৰ পৰা ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে বিশ্বনাথ চাৰিআলিৰ মনি ভাট্টাচাৰ্য নামৰ লোকজনক বৃহস্পতিবাৰে আৰক্ষীৰ জালত পৰে৷

জানিব পৰা মতে, মনি ভাট্টাচাৰ্যই শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰু বালিপৰা অঞ্চলৰ কেইবাজনো পুৰুষ-মহিলাৰ পৰা জিলা খনত নিৰ্মাণ হৈ থকা পতঞ্জলি ফুড এণ্ড হাৰ্বেল পাৰ্কত চাকৰি দিয়াৰ নামত ধন লৈছিল৷ কেইবাজনো যুৱকৰ পৰা মুঠ ২ লাখ ৫০ হাজাৰ টকা লৈ পলায়ণ কৰি আছিল।

চাৰিদুৱাৰ অঞ্চলৰ পুৰুষ-মহিলা কেইজনৰ মাৰ্চ মাহতে পতঞ্জলি উদ্যোগত সুৰক্ষা বাহিনীৰ চাকৰি দিম বুলি এখন ভুৱা চিকিউৰটি চাৰ্ভিচৰ লাইচেঞ্চ দেখুৱাই ২.৫০ লাখ টকা আৰু পঢ়া কালৰ অৰিজিনেল নথি পত্ৰ লৈ পলায়ণ কৰে। টকাখিনি লোৱাৰ পাছৰে পৰা বহু বিচাৰ-খোচাৰ কৰি লোকজনৰ কোনো শুংসুত্ৰ উলিয়াব পৰা নাছিল চাকৰিৰ বাবে টকা দিয়া লোকসকলে।

মনি ভট্টাচাৰ্যৰ বিৰুদ্ধে চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল চাকৰিৰ বাবে টকা দিয়া লোকসকলে। অৱশেষত চাৰিদুৱাৰ আৰক্ষী অাৰু জামুগুৰি অাৰক্ষীয়ে অভিযান চলাই জামুগুৰিহাতৰ নন্দিকেশ্বৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় মণিক। ইতিমধ্যে লোকজনক চাৰিদুৱাৰ আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে৷