
newsnextone.com | বোকাজানঃ কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ দুই উদীয়মান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক দুৰ্বৃত্তই নৃসংশভাৱে হত্যা কাণ্ডৰ সৈতে জড়িত আৰু এজন জনক লোকক সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
ঘটনাৰ তদন্ত বাবে গঠন কৰা এছআইটিয়ে হত্যাৰ ঘটনাত জড়িত থকাৰ অভিযোগত পুনৰ এজনক আটক কৰে৷ ৱাৰেছ ৰংপি নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ঘটনা সংঘটিত কৰাৰ পিছৰে পৰা পলাই আছিল ৱাৰেছ ৰংপিয়ে৷ বিশেষ তদন্তকাৰী দলে আটক কৰে ৱাৰেছ ৰংপিক৷ হত্যাত জড়িত মুঠ ৪৭ গৰাকী লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে৷