
newsnextone.com | লংকাঃ আকৌ এবাৰ লজ্জানত হ’ল সভ্য সমাজ৷ এগৰাকী প্ৰায় ৩৫ বছৰীয়া যুৱকে এগৰাকী কণমানি কন্যাক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হয় হোজাই জিলাত৷ হোজাই জিলাৰ লংকাৰ উদালীত এগৰাকী কণমানি শিশুক যৌন নিৰ্যাতনৰ চেষ্টা চলােৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
ইতিমধ্যে ঘটনাৰ অভিযুক্ত কৃষ্ণ দাস নামৰ যুৱকজনক আৰক্ষীয়ে আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে৷ জানিব পৰা মতে, উদালীৰ প্ৰায় ৬ বছৰীয়া কন্যাগৰাকীয়ে ঘৰৰ পৰা ওলাই অহাৰ সময়তে প্ৰায় এমাহ পূৰ্বে এগৰাকী যুৱকে প্ৰত্যক্ষ কৰে৷
তাৰ পিছতে যুৱকজনে কন্যাৰ ওচৰলৈ আহি অসৎ চৰিতাৰ্থ পূৰণ কৰাৰ চেষ্টা চলোৱাত ভয়ত ঘৰলৈ দৌৰ মাৰে কন্যাগৰাকীয়ে৷ ঘৰৰ মানুহক এই কথা কোৱাত হুৱা-দুৱা লাগে৷ তাৰ পিছতে একাংশ লোকে উক্ত স্থানত উপস্থিত হৈ কোনো লোকক দেখা নাপায়। তাৰ পিছতে বুধবাৰে উক্ত স্থানতে সেই লোক জনক প্ৰত্যক্ষ কৰে কণমানিগৰাকীয়ে। গোপনে গৈ পৰিয়ালক খবৰ দিয়ে। পৰিয়ালে কৃষ্ণ দাস নামৰ যুৱকজনক আৱদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে৷
লংকা আৰক্ষী উপস্থিত হৈ আটক কৰে কৃষ্ণ দাসক৷ জানিব পৰা মতে, উদালীৰে যুৱক কৃষ্ণ দাসে প্ৰায়ে ভাঙৰ নিচাত মাতাল হৈ থাকে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷