
শিৱসাগৰঃ নতুন মোৰ লৈছে শিৱসাগৰৰ নগৰৰ মাজ মজিয়াত দীক্ষা ৰাজকুমাৰী হত্যাকাণ্ডই৷ বৃহস্পতিবাৰে হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত দীক্ষাৰ স্বামী ৰাজীৱ বৰগোঁহাইক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰত সমীপৰ ভাড়াঘৰত ১১আগষ্টৰ নিশা তলাবন্ধ কোঠাত দীক্ষা ৰাজকুমাৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল৷
চৰাইদেউ জিলাৰ মথুৰাপুৰ ভকত গাঁৱৰ সুৰেণ ৰাজকোঁৱৰৰ জীয়ৰী দীক্ষা ৰাজকুমাৰীৰ মাউৎ গাঁও নিবাসী ৰাজীৱ বৰগোঁহাইৰ সৈতে ১২ বছৰ পূৰ্ব বিবাহ পাশত আবদ্ধ হৈছিল৷ দীক্ষাৰ স্বামী ৰাজীৱ গুৱাহাটী বেলতলাত বাস কৰে। স্বামী ৰাজীৱে দ্বিতীয় বিবাহ কৰি গুৱাহাটীত থাকিবলৈ লোৱাত দুয়োৰে মাজত প্ৰায়ে মতানৈক্যই দেখা দিছিল৷
দীক্ষাই শিৱসাগৰৰ মথুৰাপুৰৰ ঘৰ এৰি যোৱা ১৯ জুলাইৰ পৰা শিৱসাগৰত থাকিবলৈ লৈছিল৷ দীক্ষা ৰাজকুমাৰীয়ে শিৱসাগৰৰ এটি ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মত যোগদান কৰি ভাৰাঘৰত থাকিবলৈ লৈছিল৷ ৮ আগষ্টৰ পৰা দীক্ষা সন্ধানহীন হৈ থকাৰ লগতে বন্ধ আছিল দীক্ষাৰ ম'বাইল ফোন৷
১১আগষ্টৰ নিশা দীক্ষা ৰাজকুমাৰীয়ে ভাৰাঘৰৰ কোঠাৰ পৰা দুৰ্গন্ধ ওলোৱাত ভাৰাঘৰৰ মালিকে আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষী উপস্থিত হৈ বন্ধ কোঠাৰ ভিতৰত নগ্ন অৱস্থাত তথা হাত-ভৰি বন্ধা আৰু মুখত সোপা দিয়া অৱস্থাত দীক্ষা ৰাজকুমাৰীৰ মৃতদেহ উদ্ধাৰ কৰিছিল৷ দীক্ষাৰ স্বামী ৰাজীৱ বৰগোঁহাইয়ে দীক্ষাক হত্যা কৰা বুলি দীক্ষাৰ মাতৃয়ে অভিযোগ আনিছিল৷