newsnextone.com | নগাঁওঃ জুৱাৰ ঘাটিত অভিযান চলোৱাৰ সময়তে জুৱাৰীয়ে গুলী চলোৱাৰ ফলত এগৰাকী আৰক্ষীৰ জোৱানৰ মৃত্যু হোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই নগাঁও জিলাত অস্ত্ৰ সহ আটক হ’ল এগৰাকী লোক৷ মঙলবাৰে নিশা নগাঁও জিলাৰ বটদ্ৰৱা অাৰক্ষীয়ে অভিযান চলাই নগাঁৱৰ ধনীয়াভেটিৰ পৰা এটা হস্তনিৰ্মিত পিষ্টল সহ অাব্দুল কাদিৰ নামৰ এগৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে বিশেষ সুত্ৰৰ খবৰ মতে, অবৈধ মাৰণাস্ত্ৰৰ ব্যৱসায় কৰাৰ অভিযোগ লাভ কৰি নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ধনীয়াভেটিত অভিযান চলোৱাত অাব্দুল কাদিৰক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, জিলাখনৰ ধিং, জুৰীয়া, বটদ্ৰৱা, ডুমডুমীয়াৰ চৰাঞ্চলত অপৰাধীৰ হাতত অস্ত্ৰ থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। অস্ত্ৰৰ সহ অপৰাধীক আৰক্ষীয়ে ধৰি আহিছে যদিও অস্ত্ৰৰ ঝনঝননি কমা নাই এলেকাসমূহত৷ জেলৰ পৰা ওলাই আহি সেই লোকসকলেই অপৰাধৰ সৈতে জড়িত হৈ পৰে। 

একাংশ লোকে অবৈধ অস্ত্ৰৰ ব্যৱসায় কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে মৰিগাঁও জিলাৰ অাৰক্ষীয়ে অভিযান চলাই ধিঙৰ টুকটুকীত বন্দুক নিৰ্মাণৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছিল কিছুদিনপূৰ্বে৷ অবৈধ অস্ত্ৰ, গুলী জব্দ কৰিছিল। তাৰ পিছতো বহু অপৰাধীয়ে অঞ্চলসমূহত অবৈধ অস্ত্ৰৰে চুৰি-ডকাইতি অাৰু হত্যাকাণ্ডৰ দৰে ঘটনা সংঘটিত কৰি আহিছে৷ মৈৰাবাৰী-ধিঙৰ পৰা ডিমাপুৰলৈ নিতৌ চলাচল কৰে ৬ খনকৈ নৈশ বাছ। নৈশ বাছতসমূহতে নিতৌ অবৈধ অস্ত্ৰসমূহ সৰবৰাহ হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে৷