গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ সোণতলীত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাৰ ছিঙি এগৰাকী মহিলাৰ কৰুণ মৃত্যু হোৱাৰ লগতে আন তিনি গৰাকী মহিলা গুৰুতৰভাৱে আহত হোৱাত সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰাপ্ত বাতৰি মতে, বকো  বিদ্যুৎ উপ সংমণ্ডলৰ অধীনস্থ সোণতলীৰ দক্ষিণ ৰাংগাপানী গাঁৱত ৪গৰাকী মহিলাই একে লগে মৰাপাট ধুই থাকোতে হঠাৎ ওপৰেদি যোৱা উচ্চ ক্ষমতা সম্পন্ন ১১ হাজাৰ কেভি বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি তিনি নম্বৰ ৰাংগাপানী গাৱৰ আকলিমা খাতুন (৩০)ৰ ওপৰত পৰি থিতাতে কৰুণ মৃত্যুক আকোৱালি লয়।

এই ঘটনাত একে লগে মৰাপাট ধোৱা কাম কৰা দক্ষিণ ৰাংগাপানী গাৱৰ ফাতেমা খাতুন (৩৫), ময়ফুল নেছা (৫০) আৰু জাৰফুল নেছা (৫০) গুৰুতৰভাৱে আহত হয়।

স্থানীয় ৰাইজে নিহত আৰু আহত কেইজনক সংকটজনক অৱস্থাত সোণতলী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও ফাতেমা খাতুন, ময়ফুল নেছা আৰু জাৰফুল নেছাৰ অৱস্থা সংকটমুক্ত নহয় বুলি জানিব পৰা গৈছে।

বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে দাবী কৰে।বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে  ইতিমধ্যে সমগ্ৰ ৰাজ্যত ৫৫ জনৰো অধিক লোকৰ প্ৰাণ হানি হৈছে যদিও গা লৰা নাই টি আৰ পি মন্ত্ৰী পল্লৱ লোচন দাসৰ।