মঙলদৈঃ ভুল চিকিৎসাৰ বলি হৈ এগৰাকী যুৱকে প্ৰাণ হেৰুৱাৰ অভিযোগ উত্থাপন কৰি একাংশ লোকে আজি মঙলদৈ অসামৰিক চিকিৎসালয় চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে ২২ বছৰীয়া যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷

মঙলদৈ লাচিত নগৰৰ ৰিতুল ডেকা নামৰ যুবকজনে সাধাৰণ ফোঁহাৰ চিকিৎসা কৰিবলৈ সোমবাৰে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ আহে৷ চিকিৎসক ড০ প্ৰীতিৰেখা শইকীয়াই ফোঁহা চোৱাৰ পিছত নিদানপত্ৰত এটি বেজী লিখি দিয়ে।

বেজীটো দিয়াৰ পাছত ৰিতুল ঘৰ অভিমুখে যায়৷ ঘৰলৈ গৈ পোৱাৰ কিছু সময়ৰ পাছতে ৰিতুল অচেতন হৈ পৰে। যাৰ বাবে পুনৰ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ পৰিয়ালে লৈ আহে যদিও চিকিৎসকে ৰিতুলৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷

মৃত্যু হোৱা বুলি ঘোষণা কৰাৰ লগে লগে একাংশ লোক উত্তেজিত হৈ পৰে। পৰিয়ালৰ লোকে চিকিৎসক প্ৰীতিৰেখা শইকীয়াৰ ভুল চিকিৎসাৰ বাবেই ৰিতুলৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে৷ চিকিৎসালয় কৰ্তৃপক্ষই এই ঘটনাৰ উচিত তদন্ত কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে৷