20
Aug
2017

কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত আমঝোৰা নিৱাসী ৰবিৰাম চৰেনৰ সহধৰ্মিনী সুনীতা চৰে ( ২২) কালি বিয়লি শামুকা নদীত শামুক বিচাৰিবলৈ গৈ কৰুণ মৃত্যুক আঁকোৱালি লয়।
বানপানীৰ ফলত উফন্দি উঠা শামুকা নদীত শামুক বিচাৰিবলৈ লওঁতেই সুনীতা দূৰ্ভাগ্যক্ৰমে নদীত পিচল খাই পৰে আৰু গভীৰ পানীত ডুব যায়।
আৰক্ষীয়ে আজি মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। উল্লেখ্য যে শামুক বিচাৰিবলৈ গৈ শামুকা নদীৰ গভীৰ পানীত ডুবি মৃত্যুমুখত পৰা সুনীতা চৰেই মৃত্যুৰ পূৰ্বে স্বামীৰ লগতে এটি আঠমহীয়া সন্তান এৰি থৈ গৈছে।