নগাঁওঃ জাপানীজ এনকেফেলাইটিছ আক্ৰান্ত এগৰাকী শিশুৰ মৃত্যু হোৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত৷ জানিব পৰা মতে, নগাও জিলাৰ বেবেজীয়াৰ সমীপৰ হাতীচোং মজলীয়া বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী ৰিচা তেৰংপিৰ আজি বিয়লি মৃত্যু হয়৷

কিছুদিন ধৰি এই ৰোগত আক্ৰান্ত হৈ কণমাণি ছাত্ৰী গৰাকী চিকিৎসাধীন হৈ আছিল৷ জাপানীছ এনকেফেলাইটিছ আক্ৰান্ত হৈ মৃত্যু হোৱা ছাত্ৰগৰাকী বিদ্যালয়খনৰ শিক্ষক দিগেন চন্দ্ৰ বৰাৰ ঘৰত থাকি অধ্যয়ন কৰিছিল৷

ৰিচাৰ আজি নগাঁও অসামৰিক চিকিৎসালয়ত বিয়লি চাৰে চাৰি মান বজাত মৃত্যু ঘটে। ছাত্ৰীগৰাকীৰ মৃত্যুত গাঁওখনৰ লগতে বিদ্যালয়খনত শোকৰ ছাঁ পৰে।