
নগৰবেৰাঃ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি, অগপ, বিপিএফ মিত্ৰজোটৰ চৰকাৰেখনে সভা-সমিতিয়ে উন্নয়নৰ ঢাক-ঢোল বজাই আছে যদিও প্ৰকৃততে উন্নয়ন হৈছেনে?
ৰাজ্যৰ দল-সংগঠনে বিভিন্ন সমস্যা সমাধানৰ বাবে ৰাজপথত প্ৰতিবাদ কৰি অহাৰ সময়তে এগৰাকী ৰোগীক ঠেলাত নি চিকিৎসা কৰিবলগীয়া হোৱা ঘটনাই আকৌ এবাৰ উদঙালে চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপটো৷
এজাৰ বৰষুণতে ৰাজ্যৰ বাট-পথত গাড়ী-মটৰ চলাচল কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয়৷ ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ বাট-পথত গাড়ী-মটৰ-চাইকেল চলোৱাটো দুৰৰ কথা খোজকাঢ়িব নোৱাৰা হয়৷ যাৰ বাবে যমৰ-যাতনা ভোগ কৰিব লগা হয় গ্ৰাম্য অঞ্চলৰ লোকে৷ বাৰিষা সময়ছোৱাত গ্ৰাম্য অঞ্চলৰ লোকৰ সাধাৰণ ৰোগ হ'লে সাঙীত নতুবা ঠেলাত চিকিৎসা কৰিবলw নিব লগা হয়৷
আজি তেনেকৈ ঠেলাত নিবলগীয়া হোৱা এগৰাকী লোকে প্ৰাণ হেৰুৱাব লগা হয় বৰপেটা জিলাৰ বাঘবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত আলোপতিচৰত৷ জানিব পৰা মতে, বাঘবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰ গাঁৱৰ তুলা শ্বেখ (৬০) নামৰ লোকজন হঠাৎ অসুস্থ হৈ পৰে৷
পৰিয়ালৰ লোকে এম্বুলেঞ্চৰ অভাৱত ঠেলাৰে নি থকা অৱস্থাতে আদবাটতে মৃত্যু হয় লোকজনৰ৷ কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নি থকা হৈছিল যদিও পথৰ দুৰাৱস্থাৰ বাবে আদবাটতে মৃত্যু মুখত পৰে বুলি অভিযোগ উত্থাপিত হৈছে৷