শুক্লাইঃ ভাৰত-ভুটান সীমান্তত আজিও অব্যাহত আছে হাতী-মানুহৰ সংঘাট৷ ভূটান পাহাৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীয়ে ওদালগুৰি জিলাৰ পানেৰি থানাৰ অন্তৰ্গত যোৰা পুখুৰী মাজুলি গ্ৰেণ্টৰ অজিত বড়ো নামৰ কৃষকগৰাকীক আক্ৰমণ কৰে৷

নিশা আক্ৰমণ কৰাত থিতাতে লোকজনৰ মৃত্যু হয়৷ জানিব পৰা মতে, অজিত বড়োৰ গৃহৰ ওচৰতে বন্যহস্তীৰ দল এটা আহি তাণ্ডৱ চলোৱাৰ সময়তে বন্যহস্তীক খেদিবলৈ যাওঁতে দলৰ পৰা ফালৰি কাটি অহা এটা বন্যহস্তীয়ে অজিত বড়োক গচকি হত্যা কৰে।