প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

গুৱাহাটীঃ বৃহস্পতিবাৰে নিশা প্ৰায় ৭-৩০ বজাত মহানগৰীৰ শুক্ৰেশ্বৰ ঘাটত যাত্ৰীবাহী জাহাজৰ পৰা পিছলি পৰা হিতেশ বৈশ্য নামৰ লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই প্ৰশাসনে। নিশাই এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল বৈশ্যক৷

শুকুৰবাৰে পুৱাৰে পৰা পুনৰ এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও ২৪ ঘন্টা পাৰ হোৱাৰ পাছতো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই লোকজনক। জানিব পৰা মতে, এমটি বিৰদত্ত নামৰ জাহজ খনৰ ছিৰিৰ পৰা পিছলি পৰা লোকজন জল পৰিবহন বিভাগৰ কৰ্মচাৰী আছিল৷ হিতেশ বৈশ্যৰ ঘৰ নলবাৰী জিলাত বুলি জানিব পৰা গৈছে৷