Euro
Euro

মৰিয়নীঃ চলন্ত ৰেলৰ পৰা পৰি মৃত্যুক সাৱটি লব লগা হ’ল এজন ব্যক্তিয়ে৷ যোৰহাট গুৱাহাটী ইন্টাৰচিটি এক্সপ্ৰেছ ৰেলগাড়ীখনত ঘটিল এই অঘটন৷

জানিব পৰা মতে গৌৰীসাগৰৰ যাদৱ হাজৰিকা নামৰ ব্যক্তি গৰাকীয়ে নিজ কন্যাৰ সতে গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ইন্টাৰচিটি এক্সপ্ৰেছ নামৰ ৰেল গাড়ীকনত আহি আছিল৷

কিন্তু চিনামৰাৰ সমীপত ব্যক্তিগৰাকী ৰহস্যজনক ভাৱে ৰেলৰ পৰা পৰি যায়৷ পাছত ৰেল আৰক্ষীয়ে ৰেল লাইনৰ পৰা যাদৱ হাজৰিকাৰ মৃতদেহটো উদ্ধাৰ কৰে৷