ধুবুৰীঃ বানৰ কবলত পৰি ধুবুৰী জিলাৰ হাজাৰ হাজাৰ লোকে হাহকাৰ কৰি থকাৰ সময়তে ভূমি বিবাদক কেন্দ্ৰ কৰি ৰাঙলি হ’ল ধুবুৰী জিলা৷

ধুবুৰী চহৰৰ ১১নং ওৱাৰ্ডৰ এটি পৰিয়ালত বহু দিন ধৰি এটুকুৰা ভূমিক কেন্দ্ৰ কৰি কাজিয়াৰ সুত্ৰ পাত হৈ আহিছিল৷ দুটা পৈদত বিভক্ত হোৱা পৰিয়লটোৰ এটা ফৈদে আন এটা ফৈদক অস্ত্ৰৰে আক্ৰমণ কৰাত জবেদ আলীৰ পুত্ৰ আব্দুল কাদেৰ গুৰুতৰভাৱে আহত হয় ।

পানীৰ মাজতে পৰিয়ালে ততাতৈয়াকৈ আব্দুলক চিকিৎসালয়ত নিয়ে যদিও ধুবুৰী অসামৰিক চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে হত্যাকাৰীক াটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে যদিও আটক কৰিবলৈ সক্ষম হোৱা নাই৷