
কোকৰাঝাৰঃ ৰাজ্যত ক্ৰমান্বয়ে ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ইতিমধ্যে ৰাজ্যত কেবাগৰাকী লোক মৃত্যুমুখত পৰাৰ লগতে প্ৰায় ডেৰ শতাধিক লোক আক্ৰান্ত হোৱাৰ সময়তে কোকৰাঝাৰত কালি নিশা এগৰাকী ব্যাক্তি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা ব্যাক্তিগৰাকীক জিলাখনৰ ছেৰফাংগুৰী থানাৰ অন্তৰ্গত লাওখ্ৰীগুৰী নিৱাসী তথা বাগছা জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সহ প্ৰকল্প বিষয়া হৰ্ষবৰ্ধন ব্ৰহ্ম বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত বাাতৰি অনুসৰি আজিৰ পৰা এসপ্তাহমান পূৰ্বে হৰ্ষ বৰ্ধন ব্ৰহ্ম অসুস্থ হৈ পৰাত পৰিয়ালৰ সদস্যই প্ৰথমে কোকৰাঝাৰস্থিত ব্যাক্তিগত খণ্ডৰ নাৰ্ছিংহোমত ভৰ্তি কৰায় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত গুৱাহাটীৰ ইণ্টাৰনেচনেল হস্পিতালত ভৰ্তি কৰায়। উক্ত চিকিৎসালয়খনতে হৰ্ষবৰ্ধন ব্ৰহ্ম জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ওলাই পৰে আৰু সেইমতে চিকিৎসকে চিকিৎসা আৰম্ভ কৰে যদিও দিনে দিনে স্বাস্থ্যৰ অধিক অৱনতি ঘটে।
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা ৰোগীগৰাকী সুস্থ হোৱাৰ সম্ভাৱনা ক্ৰমান্বয়ে ক্ষীণ হৈ পৰাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণেৰে পৰিয়ালৰ লোকে কালি ঘৰলৈ ওভতাই আনে আৰু কোকৰাঝাৰৰ ব্যক্তিগতখণ্ডৰ এখন চিকিৎসালয়ত ভৰ্তি কৰায় যদিও কিছুসময় পিছতে মৃত্যুক আঁকোৱালি লয়। মৃত্যুৰ পূৰ্বে হৰ্ষবৰ্ধন ব্ৰহ্মই পত্নী-সন্তান সহিতে বহু গুণমুগ্ধক এৰি থৈ যায়।
উল্লেখ্য যে জাপানীজ এনকেফেলাইটিছে ৰাজ্যত ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰা আৰম্ভ কৰিছে যদিও ৰাজ্যৰ বেছিভাগ চিকিৎসালয়তে জাপানীজ এনকেফেলাইটিছ ৰোগৰ চিকিৎসা উপলব্ধ নহয় বুলি অভিযোগ উত্থাপিত হৈছে। তদুপৰি বানপানীৰ পিছত মহৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে যদিও এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগে ধোৱা দিয়া অথবা মহৰ কণীপৰা স্থানসমূহত কীটনাশক দ্ৰব্য ছটিওৱা কামসমূহ সঠিকভাৱে কৰা নাই।
জাপানীজ এনকেফেলাইটিছ ৰোগৰ বিৰুদ্ধে জনসচেতনতা গঢ়ি তুলিবলৈ সজাগতা অভিযান তথা টীকাকৰণ সন্দৰ্ভতো কোনোধৰণৰ ব্যৱস্থা অদ্যপি গ্ৰহণ নকৰাত অনাগত সময়ছোৱাত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলি আশাংকা প্ৰকাশ কৰা হৈছে।