বঢ়মপুৰঃ নগাঁও জিলাৰ চামগুৰিত আজিও বানৰ তাণ্ডব অব্যাহত আছে৷ কলং নৈৰ বাঢ়নী পানীয়ে আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ মাজতে চামগুৰিৰ শিৱস্থানত দেওৰেকৰ হাতত প্ৰাণ গ'ল এগৰাকী নাৰীৰ৷

পাৰিবাৰিক কন্দলৰ বাবে দেওৰেক ছাইকুৰ ইছলামৰ উপৰ্য্যপুৰি দাৰ ঘাপত থিতাতে নিহত হয় নিজৰেই জ্যেষ্ঠ ভাতৃৰ পত্নী হালিমা খাতুন। ইফালে হত্যাকাণ্ড সংঘটিত কৰিয়েই পৰিয়ালসহ পলায়ন কৰে অভিযুক্ত ছাইকুৰ ইছলামে।

ঘটনাস্থলীত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ লগতে চামগুৰিৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে৷