
গৰৈমাৰীঃ আৰক্ষীয়ে আটক কৰা এগৰাকী লোকৰ মৃত্যু হোৱাত দক্ষিণ কামৰূপৰ সোণতলীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। সোণতলী আৰক্ষীয়ে আটক কৰা কুৰান আলী (২২) নামৰ যুকজনৰ মৃত্যুৰ পাছতে উত্তেজনাৰ সৃষ্টি হয়। আৰক্ষীয়ে প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে।
যোৱা ১৩ আগষ্টত আৰক্ষীয়ে আটক কৰিছিল যুৱকজনক। পিতৃ পাশান আলীৰ এজাহাৰৰ ভিত্তীত কুৰান আলীক আটক কৰিছিল। জানিব পৰা মতে, আৰক্ষীৰ মতে লক-আপত আত্মহত্যাৰ চেষ্টা চলাইছিল কুৰান আলীয়ে। প্ৰথমে যুৱকজনক সোণতলী প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যুৱকজনক।
পৰৱৰ্তী সময়ত জি এম চি এইচলৈ নি থকা অৱস্থাতে আদবাটতে মৃত্যু হয় কুৰান আলীৰ। ১৪ আগষ্টৰ সন্ধিয়া মৃত্যু হয় কুৰান আলীৰ। আৰক্ষীয়ে এই সমগ্ৰ ঘটনা খৱৰ দিয়া নাছিল পৰিয়ালক। কুৰান আলীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি দক্ষিণ কামৰূপৰ সোণতলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
সোণতলী আৰক্ষী চকীৰ চকী-মেজ ভাঙি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ উত্তেজিত লোকে। উত্তেজ্ত লোকে নাজিৰ আলী নামৰ কনিষ্টবল এজনকো প্ৰহাৰ কৰে উত্তেজিত লোকে। কনিষ্টবল নাজিৰ আলীক সংকটজনক অৱস্থাত সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে আৰক্ষীয়ে।