গোগামুখঃ গোগামুখ-ঢকুৱাখনা গড়কাপ্তানী পথত দুৰ্ঘটনা সংঘটিত হৈ এজন লোকৰ মৃত্যু হয়৷ পথটোৰ টেঙা গড়াত এএছ-০৭-এইছ-০৮১৯ নম্বৰৰ এখন অল্ট গাড়ীয়ে এগৰাকী চাইকেল আৰোহীক খুন্দা মাৰে৷

ফলত চাইকেল আৰোহী গোগামুখৰ নাহৰবাৰী গাঁৱৰ মনোজ মিলিৰ থিতাতে মৃত্যু হয়। জানিব পৰা মতে, শুদ্ধ পথেৰে আহি থাকোতেই সন্মুখৰ পৰা অল্ট খনে খুন্দিয়াই বহু দুৰলৈ চোচোৰাই নিয়ে চাইকেলআৰোহী মনোজক৷ দৰিদ্ৰ পিৰয়ালৰ যুৱক মনোজৰ মৃত্যুত শোকৰ ছাঁ পৰে অঞ্চলটোত।