26
Aug
2017

লিডুঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত্বত অৱস্থিত কেতেটঙৰ নাকং পথাৰত আজি বিয়লিৰ ভাগত বজ্ৰ পৰি এজন নিহত হয়।
জ্ঞান বাহাদুৰ তামাং নামৰ ৩৭ বছৰীয়া ব্যক্তি গৰাকীয়ে নিজ দোকানত বহি থাকোতেই সংঘটিত হয় এই ঘটনা।
তামাঙৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে উক্ত সময়ত দোকান খনত থকা দুজন আহত হয়। আহত দুয়োজন মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।