বালিপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা, বালিপৰা চাৰিদুৱাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। বনাঞ্চল সংকুচিত হৈ অহাৰ পৰিপ্ৰেক্ষিততে অঞ্চলটোত এনেদৰে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত।

জিলাখনৰ বালিপৰা সংৰক্ষিত বনাঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত যোৱা দুটা দশকত একাংশ লোকে দখল কৰি ঘৰ সজাৰ ফলত হাতী-মানুহৰ সংঘাত হৈ আহিছে বুলি সচেতন মহলে মন্তব্য কৰিছে।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে প্ৰতিদিনে চাৰিদুৱাৰ বিশেষেকৈ ৰঙাপৰা অঞ্চলত তাণ্ডৱৰ সৃষ্টি কৰি আহিছে। হাতীৰ আক্ৰমণত প্ৰতিদিনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে নীৰিহ লোকে৷

আজি পুনৰাই বনৰীয়া হাতীৰ গচকত প্ৰাণ হেৰুৱাই এজন লোকে। ৰঙাপৰাৰ নামগাঁও চাহবাগিচাৰ ১৮নং লাইনৰ ভীমসেন মুণ্ডা নামৰ লোকজনৰ বনৰীয়া হাতীৰ জাকৰ সৈতে মুখামুখি হোৱাত হাতীয়ে আক্ৰমণ কৰাত তেওঁৰ থিতাতে মৃত্যু হয়৷

ইয়াৰ উপৰিও বন্যহস্তীৰ জাকটোৱে  লণ্ড-ভণ্ড কৰে নামগাঁও চাহ বাগিছাৰ কেইবাটা পৰিয়ালৰ বাসগৃহ। প্ৰতিদিনে এইদৰে হাতীৰ আতংকত দিন পাৰ কৰিছে যদিও আজি পৰ্য্যন্ত বন বিভাগে কোনো পদক্ষেপ হাতত নোলোৱাৰ অভিযোগ উঠিছে৷