
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ কাৰিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত নতুন বাশবাৰীত কোকৰাঝাৰ আৰক্ষীয়ে চলোৱা এক অভিযানত এগৰাকী এনডিএফবি (সং) সদস্য নিহত হৈছে। উক্ত সংঘৰ্ষত এগৰাকী আৰক্ষী কনিষ্টবলো আহত হয়। নিহত এনডিএফবি সদস্যজনক কোকৰাঝাৰ জিলাৰ পাটগাঁওৰ ১১ নং মালিগাঁৱৰ জানিমুন বসুমতাৰী ওৰফে বি. জুংডাও বুলি চিনাক্ত হোৱাৰ বিপৰীতে আহত আৰক্ষী কনিষ্টবলগৰাকী উপ পৰিদৰ্শক ৰামচৰণ ৰাভা বুলি আৰক্ষীয়ে সদৰী কৰিছে।
কোকৰাঝাৰ আৰক্ষীয়ে কালি নিশা নতুন বাশবাৰীগাঁৱৰ এঘৰত উগ্ৰপন্থী সদস্যই আশ্ৰয় লৈ থকাৰ তথ্য এক বিশেষ সূত্ৰ অনুসৰি লাভ কৰে। সেইমতে আৰক্ষীয়ে মাজনিশা গৈ নিদিষ্ট ঘৰটো চাৰিওপিনৰ পৰা ঘেৰি ধৰি উগ্ৰপন্থী সদস্যসকলক আত্মসমৰ্পন কৰাৰ আহ্বান জনায়।
কিন্তু উগ্ৰপন্থী সদস্যসকলে আত্মসমৰ্পনৰ সলনি গুলীচালনা কৰি পলাবলৈ চেষ্ঠা কৰে । উগ্ৰপন্থী সদস্যৰ গুলীয়ে আৰক্ষী উপপৰিদৰ্শক ৰামচৰণ ৰাভাৰ দেহত আঘাত কৰে আৰু ফলত আৰক্ষী উপ পৰিদৰ্শক গৰাকী আহত হয়। আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰাত দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় আৰু কিছুসময় পিছত গুলীচালনাৰ শাম কাটে।
গুলীচালনাৰ শাম কটাত আৰক্ষীয়ে উক্ত নিৰ্দিষ্ট ঘৰটোত তালাচী চলায় আৰু তেজে তুমুৰালি হৈ গুৰুতৰভাৱে আহত এগৰাকী উগ্ৰপন্থী সদস্যই একে ৪৭ সহ বাগৰি থকা প্ৰত্যক্ষ কৰে। আহত উগ্ৰপন্থী সদস্যগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি পৰৱৰ্তী পৰ্যায়ত আৰএনবি চিকিৎসালয়লৈ অনাত চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।
আৰক্ষীয়ে সদৰী কৰা মতে উক্ত নিৰ্দিষ্ট ঘৰটোত আন কেবাগৰাকী উগ্ৰপন্থী সদস্য আত্মগোপন কৰি আছিল আৰু সংঘৰ্ষৰ সময়ত আন্ধাৰৰ সুযোগ লৈ বাকী উগ্ৰপন্থীসদস্যসকল পলায়ন কৰিবলৈ সক্ষম হয়। সংঘৰ্ষৰ অন্ত পৰাত উগ্ৰপন্থীয়ে আত্মগোপন কৰি থকা নিদিষ্ট ঘৰটোত আৰক্ষীয়ে তালাচী চলোৱাত গুৰুতৰভাৱে আহত এজন উগ্ৰপন্থী সদস্যক উদ্ধাৰ কৰাৰ লগতে তেওঁৰ পৰা এটা একে ৪৭ ৰাইফল, মেগজিন এটা, ১৫ জাঁই সজীৱ গুলী, হেণ্ড গ্ৰেণেড এটা, এটা মোবাইল ফোন আৰু উক্ত ঘৰটোৰ মজিয়াৰ পৰা ১৫ জাঁই খালী কাৰ্টুজ উদ্ধাৰ কৰিছে।
উল্লেখ্য যে আজি কোকৰাঝাৰ সদৰ থানাত নিহত উগ্ৰপন্থীজনৰ পৰিয়ালৰ সদস্য হাজিৰ হৈ তেওঁক মালিভিটাৰ বুলি চিনাক্ত কৰে। নিহত উগ্ৰপন্থীজনৰ মাতৃয়ে সদৰী কৰা মতে তেওঁৰ পুত্ৰক বিচাৰি বিগত তিনি চাৰি বছৰ ধৰি তেওঁলোকৰ ঘৰত সঘনে আৰক্ষীৰ আহ-যাহ চলিছিল। স্বাধীনতা দিৱসৰ পূৰ্বে কোকৰাঝাৰ সদৰ চহৰৰ নিকটতে এগৰাকী এনডিএফবি(স)সদস্য আৰক্ষীৰে সৈতে হোৱা সংঘৰ্ষত নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।