গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তক বিৰোধিতা কৰিছে ৰাজ্যৰ সচেতন দল-সংগঠন, বুদ্ধিজাৱী, সাংবাদিক, ছাত্ৰ নেতা তথা ব্যক্তি বিশেষে৷ অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন নকৰাৰ কথা সোমবাৰে স্পষ্ট হয়৷ মহানগৰীৰ খানাপাৰাত একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য দান কৰি বিৰোধিতা কৰিছে আইন খনৰ৷ 

গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হৈছে সাক্ষ্য দান প্ৰক্ৰিয়া৷ বৰ্তমানেও শুনানি চলি আছে যদিও ৰাজ্য প্ৰশাসনৰ জৰিয়তে যুটীয়া সংসদীয় সমিতিয়ে প্ৰকাশ কৰা মতে পূৰ্বে পঞ্জীয়ন নকৰা দল তথা ব্যক্তি বিশেষে খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়লৈ আহি সাক্ষ্য প্ৰদান কৰিব পাৰিব বুলি কয়৷ 

যেতিয়ালৈকে দল সংগঠনৰ নেতৃত্ব তথা ব্যক্তি বিশেষ আহি থাকিব তেতিয়ালৈ শুনানি অব্যাহত থাকিব বুলি কয় যুটীয়া সংসদীয় সমিতিয়ে৷ আনহাতে অনলাইন যোগেও স্মাৰক যুটীয়া সংসদীয় সমিতিক দিব পৰৰা ব্যৱস্থা গ্ৰহণ কৰিছে সমিতিয়ে৷ নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে-বিপক্ষে home.assam@gov.inত স্মাৰক, ভিচ ৰেকৰ্ড, ভিডিঅ’ বক্তব্য প্ৰেৰণ কৰিব পাৰিব৷