ডিজিটেল ডেস্কঃ জৰা-ফুঁকাত আপুনি বিশ্বাস কৰেনে? আৰু জ্যোতিষীক? নিশ্চয় কৰে। নকৰা লোকৰ সংখ্যা তেনেই তাকৰ হোৱাটোৱেই স্বাভাৱিক। যদি বিশ্বাস কৰে তেন্তে আপুনি স্বেচ্ছামূলকভাৱে পালন কৰিব পাৰে এক বিশেষ দায়িত্ব। আপুনি জৰা-ফুঁকা কৰাবলৈ যোৱা ওঝা বা বেজজনক আৰু জ্যোতিষীজনক এখন বিশেষ প্ৰতিযোগিতাৰ বিষয়ে জনাব পাৰে।

গুজৰাটৰ এটি সংস্থাই আয়োজন কৰিছে এই বিশেষ প্ৰতিযোগিতা। Human Rationalist Association নামৰ সংস্থাটোৱে আয়োজন কৰা এই প্ৰতিযোগিতাৰ বিজয়ীসকলৰ প্ৰত্যেকে লাভ কৰিব নগদ ১ কোটিকৈ টকা। কু-সংস্কাৰ বা যিকোনো ধৰণৰ ছুপাৰ পাৱাৰক যিসকলে বিশ্বাস কৰে আৰু যিসকলে তেনে কাম কৰিব পাৰে বুলি দাবী কৰি আহিছে সেইসকলক লক্ষ্য কৰিয়েই আয়োজন কৰা হৈছে এই অপেন চেলেঞ্জৰ। এই অপেন চেলেঞ্জত ভাগ লোৱাসকলে সংস্থাৰ বিশেষজ্ঞ প্ৰতিনিধিৰ সমুখত নিজৰ অলৌকিক কাৰ্যকলাপ কৰি দেখুৱাব লাগিব।

তেজক সুৰাত পৰিণত কৰা, শূন্যতে হাত ঘূৰাই মিঠাই তৈয়াৰ কৰা, কাৰ জীৱনত কি ঘটিব সেয়া আগতীয়াকৈ হাত চাই বা গ্ৰহ-নক্ষত্ৰৰ গতি বিধি চাই ১০০ শতাংশ শুদ্ধকৈ ক’ব পৰা, জৰা-ফুঁকা কৰি বা মন্ত্ৰ পাঠ কৰি ৰোগৰ চিকিৎসা কৰা, প্ৰাৰ্থনা-পূজা, যাগ-যজ্ঞ আদিৰে ৰোগৰ চিকিৎসা কৰা, বিশ্ব শান্তি কামনা কৰা, আত্মাৰ সৈতে কথা পতা, টেলিপেথী, ৰেইকি আদিৰ সৈতে জড়িতসকলে এই প্ৰতিযোগিতাত ভাগ ল’ব পাৰিব বুলি আয়োজকসকলে সদৰী কৰিছে। 

ভাৰতৰ প্ৰতিখন ৰাজ্যতে বিজ্ঞান-প্ৰযুক্তিৰ অভূতপূৰ্ব উন্নতিৰ পিছতো আজিও অধিকাংশ লোকে চৰম কু-সংস্কাৰ আৰু অন্ধবিশ্বাসত ডুব গৈ থকাৰ পৰিপ্ৰেক্ষিততে সকলোকে সজাগ কৰি তোলাৰ উদ্দেশ্যে এই বিশেষ প্ৰতিযোগিতাৰ আয়োজন কৰিছে গুজৰাটৰ যুক্তিবাদী সংস্থাটোৱে।

প্ৰতিযোগিতাৰ ভৰ্তি মাচুল ১ লাখ টকা বুলি জানিবলৈ দিছে সংস্থাটোৱে। অপেন চেলেঞ্জত জয়ী হ’লে প্ৰাইজমানি ১ কোটি টকাৰ লগতে ভৰ্তি মাচুল হিচাপে জমা দিয়া ১ লাখ টকাও ঘূৰাই পাব। কিন্তু চেলেঞ্জত পৰাস্ত হ’লে ১ লাখ টকা ওভতাই দিয়া নহয় বুলি উল্লেখ কৰা আছে প্ৰতিযোগিতাৰ নিয়মাৱলীত।

অৱশ্যে এতিয়ালৈকে চমৎকাৰ সাধন কৰিব পৰা বুলি দাবী কৰি অহা কোনো লোকে এই প্ৰতিযোগিতাত ভাগ ল’বলৈ যোগাযোগ কৰা নাই বুলি জানিবলৈ দিছে সংস্থাটোৰ অন্যতম সদস্য মুকুন্দ সিন্ধবে। তেওঁ আৰু কয় যে কেৱল গুজৰাটতে নহয়, সমগ্ৰ বিশ্বতে এনেধৰণৰ অনেক সংগঠনে অলৌকিক কৰ্ম-কাণ্ড সংঘটিত কৰিব পৰা বুলি দাবী কৰা লোকসকলৰ বাবে এনে মুকলি প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে।

উল্লেখ্য যে কেই দশকমান পূৰ্বে ভাৰতীয় বিজ্ঞান আৰু যুক্তিবাদী সমিতিয়েও এনেধৰণৰ অপেন চেলেঞ্জলৈকে কেবাজনো স্বয়ম্ভূ গডমেনক আমন্ত্ৰণ জনাইছিল যদিও তেওঁলোকে তেনে অপেন চেলেঞ্জত ভাগ ল’বলৈ সাহস গোটাব পৰা নাছিল।