পাঞ্জাবাৰীঃ মহানগৰীৰ পাঞ্জাবাৰীৰ জনশিমলু হাই স্কুলত এখন শৈক্ষিক সজাগতা সভা অনুষ্ঠিত হৈ যায়৷ পৰিচালনা সমিতিৰ সদস্য, শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ উপস্থিতিত অনুষ্ঠিত সভাত  শিক্ষা আৰু স্বাস্থ্য সন্দৰ্ভত আলোচনা কৰা হয়।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক কণক কলিতাই সজাগতা সভাত ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত অভিভাৱক সকলক স্কুলৰ বাহিৰৰ সময়খিনিত চোকা দৃষ্টি ৰাখিব লাগে বুলি কয়৷ বিদ্যালয়ৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে ঘৰুৱা পৰিবেশত কেনেদৰে অধ্যয়নত মনোনিবেশ কৰে তাৰ প্ৰতি অভিভাবকে দৃষ্টি ৰখাতো প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰে প্ৰধান শিক্ষকগৰাকীয়ে৷

সভাত গ্ৰীষ্মকালীন বিনামুলীয়া পাঠদানৰ অন্তত অনুষ্ঠিত পৰীক্ষাত সফলতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হয়। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য প্ৰতি লক্ষ্য ৰাখি বিতৰণ কৰা পেলুৰ দৰব প্ৰথমে প্ৰধান শিক্ষক গৰাকীয়ে নিজে গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰে।