
newsnextone.com | গোৰেশ্বৰঃ বাৰিষাৰ বানৰ কালত নৈ পৰীয়াৰ বকুৰ যন্ত্ৰণাৰ কথা উপলব্ধি কৰিয়েই হয়তো ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে আগন্তক বাৰিষাত আৰু কোনো নৈৰ পাৰ নাভাঙে৷ কোনো মানুহেই বাৰিষা হেৰুৱাবলগীয়া নহয় আপোন ঘৰখন৷ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল যে ৩০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব মথাউৰি নিৰ্মাণ৷
৩০ এপ্ৰিল পাৰ হৈ শেষ হ’ল মে’ মাহো৷ কিন্তু আজিও বাৰিষাৰ বুকুত সকলো হেৰুওৱাৰ আশংকাত ভুগি আছে ৰাজ্যৰ কেইবাটাও অঞ্চলৰ নৈপৰীয়া ৰাইজ৷ বিগত মাহত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল অনুষ্ঠিত কৰি মথাউৰি নিৰ্মাণত হোৱা খৰচৰ তথ্য দাখিল কৰি ২৫টা মথাউৰি নিৰ্মাণত ৯০ কোটি ৫৩ লাখ টকা ব্যয় হোৱা বুলি হিচাপ দাখিল কৰিছিল যদিও প্ৰকৃতপক্ষে মথাউৰি সমূহ নিৰ্মাণত ধন ব্যয় কৰাৰ খৰছৰ খতিয়ান দি চমক সৃষ্টি কৰিলে থিকেই কিন্তু ৰাজ্যৰ উন্মুক্ত মথাউৰিসমূহ নিৰ্মাণ কৰা সম্পূৰ্ণ হ'ল নে।
গুৱাহাটীত শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি কৰা ঘোষণা আৰু জকাইচুকত হোৱা কামৰ খতিয়ানৰ মাজত আকাশ-পাতাল পাৰ্থক্য থাকে সেয়া সকলোৱে জানে৷ মন্ত্ৰীয়ে কৰা ঘোষণা অনুযায়ী ৰাজ্যত সকলো মথাউৰি নিৰ্মাণ সম্পূৰ্ণ৷ কিন্তু দেখা যায় যে ৰাজ্যত বহু মথাউৰি আজিও উন্মুক্ত হৈ আছে৷ ৰাজ্যত আজিও এচপৰা মাটি নপৰা উন্মুক্ত মথাউৰি আজিও আছে৷ তদুপৰি মথাউৰি নিৰ্মাণৰ নামত বিভাগীয় ঠিকাদাৰ বিষয়াই যে এখন নাটক হে ৰচনা কৰি আহিছে, সেয়াও বহু মথাউৰিয়ে প্ৰমাণ কৰি দিয়ে৷
বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ নিজকচুলা গাঁৱৰ জগত চুবুৰীত চৰকাৰে গঠন কৰা এটা মথাউৰিয়ে অঞ্চলবাসীক পুনৰ এবাৰ নদীৰ বুকুত উচন নিয়াৰ আশংকাত ভিতীগ্ৰস্থ কৰি তুলিছে। যাতায়ত আৰু যোগাযোগ ব্যৱস্থা সূচল নহোৱা শুক্লাই নদীৰ পশ্চিম পাৰে থকা জগত চুবুৰীত বিগত বছৰত বানে বিস্তৰ ক্ষতি সাধন কৰাৰ পিছত এতিয়া দুশ মিটাৰ জিঅ’ বেগৰ সুৰক্ষাৰ লগতে সৰুকৈ বান্ধ বান্ধি দিয়া হৈছে।
ইপিনে বগৰী বাৰীতো দুশ মিটাৰ জিঅ’ বেগৰ বান্ধ দিয়েই মথাউৰি নিৰ্মাণৰ দায়িত্ব সামৰিছে জলসম্পদ বিভাগে। আনহাতে বিভাগটোৱে জগত চুবুৰী আৰু বগৰী বাৰীত মুঠ চাৰিশ মিটাৰ দৈৰ্ঘ্যৰ জিঅ’ বেগৰ বান্ধ নিৰ্মাণত ৭৬ লাখ টকা চৰকাৰী ধন ব্যয় হোৱাৰ হিচাপ দেখুৱাইছে। জগত চুবুৰীত ৬০০ মিটাৰ শুক্লাই নদীৰ এই উন্মুক্ত হৈ থকা অঞ্চলটোত দুশ মিটাৰহে বান প্ৰতিৰোধৰ বাবে ব্যৱস্থা কৰিছে বিভাগে। যাৰ ফলত অঞ্চলটোৰ আধাতকৈ বেছি অংশ এতিয়াও উন্মুক্ত হৈ পৰি ৰৈছে৷
অঞ্চলটোৰ উন্মুক্ত ভাগেৰে নৈৰ বাঢ়নী পানীয়ে পুনৰ অঞ্চলোট তাণ্ডৱ চলোৱাৰ লগতে খেতি-মাটি উচন কৰিব বুলি আশংকাত ভুগিছে অঞ্চলবাসী৷ একাংশ বিষয়া-ঠিকাদাৰে মথাউৰিটো নিৰ্মাণৰ নামত আৱণ্টিত ধন আত্মসাৎ কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷
আনহাতে শুক্লাই নদীৰ পূব পাৰে নিজকচুলা গাঁৱৰে চনবস্তিত জিঅ’ বেগ নতুবা মথাউৰি নিৰ্মাণৰ কোনো ব্যৱস্থাই লোৱা হোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। প্ৰতিবছৰে বানে তাণ্ডৱ চলোৱা চনবস্তিত বাৰিষাৰ সময়ত এটি দ্বীপত পৰিণত হৈ পৰে। অঞ্চলটোৰ জনজীৱন এই সময়ত হৈ পৰে দুৰূহ। তেনে স্থলত এইবাৰ পৰিৱৰ্তনৰ দোহাই দিয়া বিজেপি চৰকাৰে ইয়াত বান প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাবিছিল যদিও আজিকোপতি নৈ পৰীয়া অঞ্চলটোৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি ৰাইজে অভিযোগ তুলিছে।
প্ৰাপ্ত তথ্য মতে, গোৰেশ্বৰ ৰাজহ চক্ৰৰ কোনো ভঙা মথাউৰি বন্ধাৰ আজিলৈ ব্যৱস্থা হোৱা নাই। ইপিনে গোৰেশ্বৰ উন্নয়ণ খণ্ডই এমএনৰেগা আঁচনিৰ অধীনত বিগত সময়ত মথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰিছিল যদিও এইবেলি তেনে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ইপিনে যোৱা বছৰ বানপানীয়ে তাণ্ডৱ চলোৱা ভোলাঝাৰৰ দহলাহাবী আৰু বাক্সা ওদালগুৰিৰ সীমান্তৰ নাওবান্ধাতো মথাউৰি নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি জলসম্পদ বিভাগৰ বিৰুদ্ধে ৰাইজ অভিযোগ উত্থাপন কৰিছে৷
আনহাতে, গোৰেশ্বৰ ৰাজহচক্ৰৰ বাসিন্দা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য তথা বিটিচিৰ কাৰ্যবাহী গণেশ কছাৰী, গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ সাধাৰণ সমষ্টি তথা বিটিচিৰ কাৰ্যবাহী মহেশ্বৰ বসুমতাৰীৰ ঘৰ৷ বানপানীৰ সময়ত মথাউৰী নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে যদিও তাৰ পাছতে সকলো পাহৰি থাকে৷
আনফালে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাও সভা-সমিতিয়ে বৰ বৰ কথা কয় যদিও মথাউৰি সমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ৷ স্থানীয় ৰাইজে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক লগত লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গোৰেশ্বৰ ভ্ৰমণ কৰি ভৱেশ কলিতা আৰু বিটিচিৰ উন্নয়নৰ নমুনা চাবলৈ আৰু মথাউৰি পৰিদৰ্শন কৰিবলৈ দাবী জনায়৷