নাওকাটাঃ যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ সুৰাৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে বাক্সা আৰক্ষী। বাক্সা জিলাৰ বিভিন্ন স্থানত চলি অহা অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ লগতে আজি জিলাখনৰ তামুলপুৰ মহকুমাৰ চেনীগাঁও সাপ্তাহিক বজাৰত আৰক্ষীয়ে অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলায়৷

দীৰ্ঘদিনৰ পৰা বজাৰখনত মুকলিভাৱে চলি অহা অবৈধ সুৰাৰ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই সুৱাগপুৰ আৰক্ষীয়ে। উপ-পৰিদর্শক দীপক শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে বজাৰখনত অতৰ্কিতে অভিযান চলাই দেশীয় সুৰাৰ কেইবাটাও ঘাটি উচ্ছেদ কৰাৰ লগতে বুজন পৰিমাণৰ দেশীয় সুৰা নষ্ট কৰে।