newsnextone.com | কোকৰাঝাৰঃ অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বৃহস্পতিবাৰে বিটিএডিৰ সদৰ কোকৰাঝাৰ ভ্ৰমণ কৰে৷ কোকৰাঝাৰ ডিটেনচন কেম্প পৰিভ্ৰমণ কৰাৰ উদ্দেশ্যে কোকৰাঝাৰত উপস্থিত হৈ ভাল অধিবক্তা নিয়োগ কৰিব নোৱাৰাৰ বাবেই আদালতত বহু ভাৰতীয় নাগৰিকে নিজকে ভাৰতীয় বুলি প্ৰতিপন্ন কৰিব নোৱাৰে আৰু যাৰ পৰিণতিতে বিদেশী বুলি ঘোষিত হয় বুলি মন্তব্য আগবঢ়ায়৷

দেৱব্ৰত শইকীয়াই মুলত তথ্য সংগ্ৰহৰ উদ্দেশ্যৰে ডিটেনচন কেম্প পৰিভ্ৰমণ কৰা বুলি কয়৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিদেশী নাগৰিকৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াৰ মতে অৰ্থৰ অভাৱৰ বাবেই ভাল অধিবক্তা নিয়োগ কৰিব নোৱাৰা বুলি কয়৷ 

আদালতত বহু ভাৰতীয় নাগৰিকে নিজকে ভাৰতীয় বুলি আদালতত প্ৰতিপন্ন কৰিব নোৱাৰে আৰু যাৰ পৰিণতিতে বিদেশী বুলি ঘোষিত হয়। বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰে শইকীয়াই। আনহাতে অসম চুক্তিক সন্মুখত ৰাখিহে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ কথা কোৱা ভাল বুলি মন্তব্য কৰি দেৱব্ৰত শইকীয়াই বিজেপি চৰকাৰক সমাালোচনাৰে থকা সৰকা কৰে।

ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত নিজ মত দাঙি ধৰি শইকীয়াই কয় যে শাসনৰ গাদীলৈ আহিলে ছয় মাহৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে বিষয়টোত সম্পূৰ্ণ মুৰপোলকা মাৰিছে আৰু এইক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ দাবী কৰিছে শইকীয়াই। ইপিনে বহুচৰ্চিত সোপাধৰা প্ৰসংগত বিজেপিৰ এগৰাকী বিধায়কে উৰাবাতৰি বিয়পোৱা বুলি অভিযোগ কৰি চৰকাৰক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে৷