
ওৰাংঃ মানুহ জনক অঞ্চলটোৰ সকলোৱে জানে৷ সকলোৱে মানুহজনক ছাৰ ছাৰ বুলি সম্বোধন কৰে৷ নীতিৰ মাজেৰে চলা মানুহজনে প্ৰতিদিনে পুৱাই বিছনা এৰি কছৰৎ কৰে প্ৰাতঃভ্ৰমণ কৰে, সেই কথা অঞ্চলটোৰ সকলোৱে জানে৷
মঙলবাৰেও তেঁও নিচেই পুৱাই বিছনা এৰে৷ অইন দিনাৰ দৰে পথৰ দাতিৰে খোজ কাঢ়িব ধৰে৷ বিধিৰ বিপাক হঠাৎ মানুহজনে শাৰীৰিক অসুস্থতাত ভোগে৷ তেওঁ ততাতৈয়াকৈ ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ আহে৷ ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰৰ বাৰান্দাত শুই দি লৰচৰ কৰিব নোৱাৰ হয়৷ বাৰান্দাৰ পৰা চিঞৰি চিঞৰি কেৱল কলে মোক সহায় কৰা, মোক বচোৱা মোক বচোৱা৷
কোনো লোক ওলাই নাহিল চিকিৎসালয় তথা চিকিৎসালয়ৰ আৱাস গৃহৰ পৰা৷ চিঞৰি থকা মানুহগৰাকীৰ এসময়ত মাত নোহোৱা হ’ল আৰু চিৰবিদায় ললে৷ তেওঁ মৃত্যুক আকোৱালি ললে৷ তেঁও দুনাই চিঞৰিবলৈ নাহে৷ ছাৰ অচিন দেশলৈ গ’ল৷
স্বাস্থ্যমন্ত্ৰীয়ে কেমেৰাৰ সন্মুখত খতিয়ান লব বিচাৰিলেও আৰু উভতি নাহে সকলোৰে আপোন ছাৰজন৷ চিঞৰ চিঞৰি কবলৈ নাহে মোক অকনমান সহায় কৰক বুলি। মঙলবাৰে পুৱা ওদালগুৰি জিলাৰ ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বাচু মাহাটোৱে প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ নিজৰ শাৰীৰিক অসুস্থতা অনুভব কৰি ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয়।
প্ৰায় এঘন্টা ধৰি চিকিৎসালয়ৰ বাৰান্দাত চিঞৰি থকা শিক্ষকজনক কোনেও চাবলৈ নাহিল৷ চিকিৎসালয়ৰ সমীপৰ মহিলা চাহ দোকানী এগৰাকীয়ে চিকিৎসালয়ত উপস্থিত হৈ শিক্ষক বাচু মাহাটো বাৰান্দাত পৰি থকা প্ৰত্যক্ষ কৰে৷
পথেৰে আহ-যাহ কৰি থকা লোকেও শিক্ষক জনৰ চিঞৰ শুনিছিল৷ কিন্তু ব্যস্ত পৃথিৱীত কাৰোৰে আহৰি নহল শিক্ষকজনক সহায় কৰিবলৈ৷ চিকিৎসালয়ৰ পৰা কোনো এজন লোক ওলাই নহাৰ ফলত চিকিৎসাৰ অভাৱত চিঞৰি চিঞৰি মৃত্যুক আকোৱালি লোৱা শিক্ষকজনৰ মৃতদেহ চিকিৎসালয়ৰ বাৰান্দাৰ পৰা পৰিয়ালৰ লোকে ঘৰলৈ আনে৷
ঘটনাই ওৰাং অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ওৰাং সামূহিক চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে কৰ্তৃব্যত গাফিলতি কৰাৰ অভিযোগ পুৰণি৷ কিন্তু এইবাৰ সকলো সীমা অতিক্ৰম কৰিলে৷ এই ঘটনাক ৰাইজে সহজ ভাবে লব পৰা নাই। চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে পৰিচালনা সমিতিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ৰাইজে। আনহাতে স্থানীয় কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও জানিব পৰা গৈছে৷