নৱনিৰ্মিত তোৰণখনত ৰাজীৱ গান্ধীৰ নাম নিদিয়াৰ বাবে একাংশই প্ৰশ্ন কৰাত সকলোতে ৰাজীৱ গান্ধীৰ নাম থাকিবই লাগিব নেকি,সমগ্ৰ ৰাষ্ট্ৰীয় উদ্যানখনেই ৰাজীৱ গান্ধীৰ নামত আছে। তাৰ পিছতো তোৰণত তেওঁৰ নাম কিয় লাগে বুলি মন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰে

খাৰুপেটীয়াঃ সমস্যা জৰ্জৰ দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ প্ৰকল্পৰ নৱনিৰ্মিত তোৰণখন যোৱা দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। দুপৰীয়া ১ বজাত উদ্যানখনৰ মুখ্যদ্বাৰত উপস্থিত হৈ নাৰিকল ভাঙি ব্যাঘ্ৰ প্ৰকল্পখন উদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে৷
পৰ্যটক সকলে বিভিন্ন সময়ত সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ বাবে পূৰ্বৰ চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে মন্ত্ৰী গৰাকীয়ে। আনফালে কাজিৰঙাৰ তুলনাত ওৰাঙ ৰাষ্ট্ৰীয় উদ্যানক মাহী আইৰ দৃষ্টিৰে চোৱা হৈছে নেকি বুলি সোধাসাংবাদিকৰ এক প্ৰশ্নোত্তৰত তেওঁ কয় যে যোৱা ১৫ টা বছৰে কংগ্ৰেছ চৰকাৰে উদ্যানখনৰ আন্তঃগাঁথনি উন্নয়ণৰ বাবে কোনো কাম নকৰিলে গতিকে সমস্যা বহুত হৈছে। আমি সেইবোৰ সমাধানৰ চেষ্টা কৰি আছো। কিছু সময় লাগিব।
বনকর্মী সকলক অধিক উন্নত মাৰণাস্ত্ৰ যোগানৰ বাবে চৰকাৰে কিবা ব্যৱস্থা লৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয় যে একমাত্ৰ কাজিৰঙাৰ বনকৰ্মী সকলকহে ৰাজ্য চৰকাৰে উন্নত মাৰণাস্ত্ৰ যোগান ধৰিছে। আনহাতে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত প্ৰায় অৰ্ধশতাধিক বন কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ কাম চলি আছে বুলিও মন্ত্ৰীজনে সাংবাদিকৰ আগত প্ৰকাশ কৰে৷
মনকৰিবলগীয়া যে, নৱনিৰ্মিত তোৰণখনত ৰাজীৱ গান্ধীৰ নাম নিদিয়াৰ বাবে একাংশই প্ৰশ্ন কৰাত সকলোতে ৰাজীৱ গান্ধীৰ নাম থাকিবই লাগিব নেকি বুলি মন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰে। সমগ্ৰ ৰাষ্ট্ৰীয় উদ্যানখনেই ৰাজীৱ গান্ধীৰ নামত আছে। তাৰ পিছতো তোৰণত তেওঁৰ নাম কিয় লাগে বুলি প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে, একাংশ দল সংগঠনে ৰাষ্ট্ৰীয় উদ্যানখনৰপৰা ৰাজীৱ গান্ধীৰ নাম কৰ্তনৰ দাবীও জনাইছিল।
থোৰতে ওৰাং ৰাষ্ট্ৰীয় উদ্যান
১৯১৫ চনত মৃগয়া বন, ১৯৭২ চনত গেম ৰিজাৰ্ভ গেম বন্ধ, ১৯৮৫ চনত অভয়াৰণ্য হিচাপে প্ৰস্তাব গ্ৰহণ, ১৯৯৪ চনত অভয়াৰণ্য ঘোষণা আৰু অৱশেষত ১৯৯৯ চনত ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পাইছিল ওৰাঙে৷
তাৰপাছতেই ওৰাঙক ২০০০ চনত ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ২০১৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিল৷
উল্লেখযোগ্য যে, ভাৰতবৰ্ষৰ ৪৯ তম এই টাইগাৰ ৰিজাৰ্ভখনত ৩৪ টাতকৈও অধিক বাঘ আছে বুলি জানিব পৰা যায়৷