ওৰাংঃ ওদালগুৰি জিলাৰ পুব প্ৰান্তত অৱস্থিত চহৰ ওৰাং। এই ওৰাঙৰ এক কাব্যিক চিনাকি আছিল বাঘৰ 'চোং' ৰূপে। সাধুকথা যেন লগা সুকীয়া পৰিচয় থকা বাঘৰ চোং আজি জন অৰণ্যলৈ ৰূপান্তৰিত হৈ নিতৌ সহস্ৰাধিক লোক অহা-যোৱা কৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথে ব্যস্ত কৰি ৰখা এই ওৰাঙৰ অতীতৰ পুৰণি পৰিচয় আজিও বিদ্যমান কৰি ৰাখিছে ওৰাঙৰ বাঘে।

সাধুকথা যেন লগা ওৰাঙৰ বাঘ সম্পৰ্কীয় বিভিন্ন কাহিনীসমূহ একবিংশ শতিকাৰ যান্ত্ৰিকতাৰ জগতত হেৰাই যোৱাৰ উপক্ৰম হওঁতেই ওৰাং চহৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ ১৫ কিলোমিটাৰ পথ ভিতৰ সোমাই গ’লেই পোৱা যায় ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

এই উদ্যানে ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বাধিক ঘনত্বত বাঘ সংৰক্ষণ কৰা উদ্যান ৰূপে স্বীকৃতি লাভ কৰি ওৰাঙৰ নাম জিলিকাই ৰাখি  দেশৰ মানচিত্ৰত বাঘৰ চোং হিচাবে প্ৰতিস্থা লাভ কৰিছে। ১৯৯৯ চনত ওৰাং অভয়াৰণ্যৰ পৰা ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি পোৱা ওৰাঙৰ পৰিচয় বহন কৰা মৃগয়া বন খন 'কাজিৰঙা'ৰ পিছতে এশিঙীয়া গড়ঁৰ বাবে বিখ্যাত।

উলুমৰা, নলগাহৰি আদিৰ দৰে বিলুপ্তপ্ৰায় প্ৰাণীৰ আবাসস্থলি এই ওৰাং। এতিয়াৰেপৰা 'ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান’খন ওৰাং ব্ৰাঘ্য প্ৰকল্পলৈ ৰূপান্তৰিত হ'ল। উল্লেখ্য যে ৰাজ্যৰ চতুৰ্থখন ব্ৰাঘ্য প্ৰকল্প হিচাবে চিহ্নিত হৈছে 'ওৰাং ৰাষ্ট্ৰীয় উদ্যান ও ব্ৰাঘ্য প্ৰকল্প’।