কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ সমান্তৰালকৈ সোমবাৰে মুকলি হল কাজিৰঙা অৰ্কিড উদ্যান। অৰ্কিড উদ্যানত  মৰাণ-মটক আৰু নেপালী জনগোষ্ঠীৰ দুটাকৈ সংগ্ৰাহলয় উদ্ধোধন কৰা হয়। উদ্ধোধন কৰি বিশিষ্ট বুদ্ধিজীৱী উদয়াদিত্য ভড়ালীয়ে কয় যে গান্ধীজীৰ আদৰ্শৰেহে অনুপ্ৰাণিত হ'ব লাগে।

ইয়াৰ বিপৰীতে বিজেপিৰ জাতি-মাটি-ভেটি বাস্তৱ সন্মত নহয় বুলি মত ব্যক্ত কৰে। প্ৰকৃতাৰ্থত সকলো পক্ষই সাম্ৰাজ্যবাদৰ বিৰুদ্ধে মাৰবান্ধি থিয় হোৱাৰ সমান্তৰালকৈ অসমৰ থলুৱা কৃষ্টি সুৰক্ষিত কৰাৰো আহ্বান জনায়। উদ্যানখনত আজি বিভিন্ন দেশী-বিদেশী পৰ্যটকৰ আগমণ ঘটে। 

আন এক প্ৰসংগত উদয়াদিত্য ভৰালীয়ে হিমন্তবিশ্ব শৰ্মাই অনাহকত কিছুমান কথা কয় বুলিও উল্লেখ কৰে। আনহাতে, সপ্ৰতিভ ছাত্ৰ হিচাপে হিমন্তৰ স’তে যিমান সহযোগিতা কৰিব লাগিছিল সিমান কৰিছিল।

কিন্তু, তাৰ পাছতো হিমন্তই বিভিন্ন স্থানত কোৱা ধৰণে অন্যায় কৰাটো অপ্ৰাসংগিক। আনহাতে, হিমন্তৰ বৰ্তমানৰ কৰ্ম-কাণ্ডই অসমীয়া জাতীয় জীৱনৰ কোনোধৰণৰ উত্তৰণ ঘটাব নোৱাৰে বুলিও মত ব্যক্ত কৰে। 

উদ্যানখন মুকলি তথা দুটা জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক তথা আহিলা সংৰক্ষণৰ ব্যৱস্থা কৰা সন্দৰ্ভত বিভিন্ন জনে এয়া আদৰণীয় পদক্ষেপ বুলি মত ব্যক্ত কৰে।