
জোনাইঃ অসমৰ ধেমাজি জিলাৰ জোনাই মহকুমাৰ কেমি-ঐৰামঘাটৰ সমীপত অৱস্থিত অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ জামপানী এখন বৃহৎ কৃষি ভূমি। ইয়াত চল্লিছ বছৰ ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি প্ৰায় শতাধিক অসমীয়া পৰিয়ালে কৃষি কৰ্মৰে জীৱন নিৰ্বাহ কৰি আহিছে। এসময়ত হাবি জংঘলেৰে আৱৰা অৰুণাচলৰ জামপানী অসমীয়া খেতিয়কৰ হাড় ভঙা পৰিশ্ৰমৰ ফলত বৰ্তমান যিকোনো শাক পাচলি আৰু অন্যান্য খেতিৰ আদৰ্শ পথাৰত পৰিণত হ’ল।
ইয়াৰ পৰাই অসম-অৰুণাচল সীমান্তৰ বিভিন্ন ঠাইলৈ বহু কৃষিজাত সামগ্ৰী ৰপ্তানী কৰা হয়। অৰুণাচলী মাটিৰ গৰাকীৰ পৰা ভাগে ভাগে মাটি ভাড়া লৈ খেতি বাতি কৰি দশক দশক ধৰি সীমান্তত অসমীয়া আৰু অৰুণাচলী পৰিয়াল কেইটা নিজা ভাই-ককায়েকৰ দৰেই বসবাস কৰি আছিল।
কিন্তু এনে সময়তে পূব চিয়াং জিলাৰ চিকা বামিন গাঁও বানে কেবাং নামৰ সংগঠনটোৱে কোনো অজ্ঞাত কাৰণত মাটিৰ গৰাকীৰ জৰিয়তে কেবাটাও ভাড়াতীয়া অসমীয়া পৰিয়ালক জামপানী ত্যাগ কৰিবলৈ নিৰ্দেশ দিবলৈ হেচা প্ৰয়োগ কৰিছে। এই নিৰ্দেশ অসমীয়া পৰিয়াল কেইটা ৰাজহুৱা কৰাৰ পিছত অসম অৰুণাচল সীমান্তত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উপৰোক্ত ঘটনা সন্দৰ্ভত সোমবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ বিষয় ববীয়া ক্ৰমে নীল গগৈ, জ্ঞান শৰ্মা, অমিত কুম্বাং, জোনাই আঞ্চলিক সমিতিৰ সভাপতি জিতেন মিলিৰ স্বাক্ষৰিত এখন স্মাৰকপত্ৰ অৰুণাচলৰ পূব চিয়াং জিলাৰ উপায়ুক্তক প্ৰদান কৰি অসমীয়া পৰিয়াল কেইটাক সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। লগতে সীমান্তত শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহবান জনাইছে।
উল্লেখ্য যে, চিকা বামিন বানে কেবাঙে অসমীয়া পৰিয়ালক অৰুণাচলৰ জামপানী ত্যাগৰ নিৰ্দেশৰ বিপৰীতে মাটিৰ গৰাকী সকলে অসমীয়া পৰিয়াল কেইটাৰ সতে মিলি জুলি থাকিব বিচাৰে বুলিহে জনিবলৈ দিয়ে। আৰু বানে কেবাঙৰ এই সিদ্ধান্তত গভীৰ দুখ প্ৰকাশ কৰে৷