গুৱাহাটীঃ বৃহস্পতিবাৰে জন্মু-কাশ্মীৰত পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহত আৰু আহত চি আৰ পি এফৰ জোৱানসকলৰ  শ্ৰদ্ধাঞ্জলি আৰু আহু আৰোগ্য কামনা কৰি বিভিন্ন স্থানত বন্তি প্ৰজ্জলন কৰি শ্ৰদ্ধাঞ্জলি জনাইছে দেশৰ শোকগ্ৰষ্ট নাগৰিক সকলে৷

গুৱাহাটীৰ বেলতলাস্থিত পাটনা অৰ্থ’পেডিক এণ্ড ট্ৰাউমা হস্পিতাল কৰ্তৃপক্ষয়েও শুকুৰবাৰে দেশমাতৃৰ সেৱাৰ প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ পূণ্যস্মৃতিত বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

বেলতলাৰ চন্দন নগৰবাসীৰ ওপৰিও বিভিন্নজনৰ উপস্থিতিত সন্ধ্যা বন্তি প্ৰজ্বলন কাৰ্যসূচীত পাটনাৰ বিশিষ্ট অস্থিৰোগ বিশেষজ্ঞ ডাঃ সঞ্জয় কুমাৰ টানিছ, ডাঃ শ্বাহিদুল ইছলাম, পৰিচালক বিকাশ সিং, আইনী উপদেষ্টা তথা বিশিষ্ট সমাজ সেৱক নাৰায়ণ ডেকা, হস্পিতালৰ সমূহ কৰ্মচাৰীৰ লগতে ৰোগীৰ অভিভাৱক সকল উপস্থিত থাকে। 

অনুষ্ঠানত ডাঃ সঞ্জয় কুমাৰ টানিছে কালিৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে নিহত সকলৰ পৰিয়ালক চৰকাৰী চাকৰিৰ লগতে পৰ্যাপ্ত চৰকাৰী সাহাৰ্য্য দিয়াৰ লগতে সন্ত্ৰাসবাদীক কঠোৰৰপৰা কঠোৰতম হাতেৰে দমন কৰি শ্বহীদৰ ত্যাগৰ উচিত মূল্য দিবলৈ চৰকাৰক আহ্বান জনায়।