
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ৰাজ্যৰ ৪স্থানত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চিতাভস্ম বিসৰ্জন দিয়া হ’ব। নতুন দিল্লীৰ এইমছ হাস্পতালত ১৬ আগষ্টত মৃত্যু হোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ চিতাভস্ম গুৱাহাটী, শিলচৰ, ডিব্ৰুগড় আৰু ধুবুৰীত বিসৰ্জন দিবৰ বাবে ব্যাপক আয়োজন চলোৱা হৈছে।
জানিব পৰা মতে,বুধবাৰে আহি পোৱা চিতাভস্ম হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত নিশা ৰখোৱা হৈছে।গুৱাহাটী,শিলচৰ, ডিব্ৰুগড় আৰু ধুবুৰীলৈ অস্থি কলহ লৈ ইতিমধ্যে ৰাওনা হৈছে বিজেপিৰ নেতাসকল।পুৱা ৭ বজাতেই হেঙেৰাবাৰীৰ কাৰ্বি সংঘৰ বাকৰিৰ পৰা চিতাভস্ম লৈ শিলচৰলৈ ৰাওনা হৈছে মন্ত্ৰী ৰঞ্জিত দত্ত আৰু চুম ৰংহাং।দিনৰ ১ বজালৈ চিতাভস্ম ৰখা হব কাৰ্বি সংঘৰ বাকৰিত।
এই চিতাভস্ম লৈ মন্ত্ৰী তপন গগৈ ৰাওণা হৈছে ডিব্ৰুগড় অভিমুখে।ডিব্ৰুগড়ত বাজপেয়ীৰ চিতাভস্ম গ্ৰহণৰ বাবে সাজু হৈ আছে মন্ত্ৰী কেশৱ মহন্ত।ধুবুৰীলৈ চিতাভস্ম কঢ়িয়াই নিব মন্ত্ৰী ভৱেশ কলিতা আৰু কৃষি বিপনন পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰাই।তাত চিতাভস্ম গ্ৰহণ কৰিব মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু ফণীভূষণ চৌধুৰীয়ে।
বৃহস্পতিবাৰে হেঙেৰাবাৰীৰ পৰা জু-ৰোড হৈ চানমাৰী পথেৰে মাছখোৱাৰ লাচিত পাৰ্কলৈ চিতাভস্ম নিয়া হ’ব।তাতেই ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ’ব বাজপেয়ীৰ চিতাভস্ম।
বুধবাৰৰপৰাই হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনাবলৈ ভিৰ কৰিছে অগণন লোকে।বৃহস্পতিবাৰে হেঙেৰাবাৰীৰ পৰা জু-ৰোড হৈ চানমাৰী পথেৰে মাছখোৱাৰ লাচিত পাৰ্কলৈ চিতাভস্ম নিয়া হ’ব।তাতেই ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ’ব বাজপেয়ীৰ চিতাভস্ম।
প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজ্যিক বিজেপিয়ে ২৭ আগষ্টত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক বিশেষ ৰাজহুৱা সভাৰ আয়োজন কৰিছে।২৫ আৰু ২৬ আগষ্টতো সকলো জিলাৰ লগতে ২৮, ২৯ আৰু ৩০ আগষ্টত প্ৰতিটো মণ্ডলতে ৰাজ্যিক বিজেপিয়ে বাজপেয়ীৰ স্মৃতিত ৰাজহুৱা প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰিব।