13
Nov
2017

বিহালীঃ বিজেপিৰ বিশ্বনাথ জিলাৰ পূৱ ছয়দুৱাৰ মণ্ডল সমিতিৰ উদ্যোগত সোমবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ কলাবাৰী পঞ্চায়তৰ ৰাজহুৱা খেলপথাৰত বিজেপি নেতা গকুল গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কেইবাশতাধিক লোক উপস্থিত থাকে৷
সভাত অইন দলৰ পৰা তিনিশতাধিক কৰ্মীয়ে বিজেপিত আনুষ্ঠানিক ভাবে যোগদান কৰে৷ অনাগত পঞ্চায়ত নিৰ্বাচনত পূৱ ছয়দুৱাৰৰ পৰা আন সকলো দলক উৎখাত কৰি একমাত্ৰ বিজেপিৰ প্ৰাৰ্থীক জয় যুক্ত কৰাৰ সংকল্প লয়৷ ৰাজহুৱা সভাত বিশ্বনাথ জিলাৰ জিলা সভাপতি পৰেশ বৰকাকতি, গহপুৰৰ বিধায়ক উৎপল বৰা, পংকজ বৰা, কৃষ্ণ তালুকদাৰ, দ্বিপেন ভূঞা, নোমল বৰুৱা, ভূপেন বৰাকে ধৰি মণ্ডলৰ সভাপতি-সম্পাদকসকল উপস্থিত থাকে।