ডিজিটেল ডেস্কঃ এনডিএ চৰকাৰক আৰ্থিক দিশৰ পৰা কৰ্মহীন চৰকাৰ বুলি কৈ আক্ৰমণ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে৷ প্ৰাক্তণ বিত্ত মন্ত্ৰীজনে এই কথাও কয় যে, বৰ্তমানৰ চৰকাৰখনে‘ভয়ংকৰ ৰোগীলৈ’ ৰূপান্তৰিত হৈছে৷ ফলত নিজৰ চিকিৎসা নিজে কৰিব লগা হৈছে৷

চিদাম্বৰমে মুখ্য আৰ্থিক পৰামৰ্শদাতা অৰবিন্দ সুব্ৰমনিয়মক এজন ‘ভাল চিকিৎসক’বুলি কয়৷ যিজনৰ পৰামৰ্শ বৰ্তমানৰ চৰকাৰে মানি লোৱা নাই৷ প্ৰাক্তন বিত্ত মন্ত্ৰী জনে কয় যে, ২০১৪ত অৰবিন্দ সুব্ৰমনিয়মক মুখ্য আৰ্থিক পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়াৰ পিছৰে পৰা তেওঁ এজন ভাল চিকিৎসক আৰু এনডিএ চৰকাৰ ভয়ানক ৰোগী হিচাপে পৰিগণিত হৈছে ৷

চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে চিদাম্বৰমে বৰ্তমানৰ বাজেটখন চৰকাৰৰ বাবে অতি উত্তম সুযোগ আছিল বুলি কয়।যাৰ দ্বাৰা চৰকাৰে উন্নয়ন সাধনৰ বাবে কিছু পথ নিৰ্বাচন কৰিব লাগিছিল৷ কিন্তু ওলোটা হে হল৷ বিভিন্ন কাৰ্যসূচী মিঠা মিঠা কথাৰে ঘোষণা কৰিলে৷ গতিকে এনডিএ চৰকাৰে যি নীতিৰে দেশৰ অৰ্থব্যৱস্থাক পৰিচালনা কৰি আছে, সেই নীতিৰ বাবে চিদাম্বৰমে অলপো সন্তুষ্ট নহয় বুলি কয়।