
ডিজিটেল ডেস্কঃ পাকিস্তানৰ জাতিৰ পিতা হিচাপে পৰিচিত ভাৰত বিভাজনৰ অন্যতম সূত্ৰধাৰ মহম্মদ আলী জিন্নাৰ ভাৰতৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত ফটো ৰখা বিষয়টোৱে দেশৰ ৰাজনীতি উত্তাল কৰি ৰখাৰ সময়তে বিহাৰৰ চৰকাৰী আঁচনিত পাকিস্তানৰ কন্যাক ব্ৰেণ্ড এম্বেছাডৰ হিচাপে ফটো প্ৰকাশ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷
বিজেপি-জেডিইউয়ে শাসন কৰি থকা বিহাৰৰ জুমাই জিলাত চৰকাৰী আঁচনিত এগৰাকী পাকিস্তানৰ কিশোৰীক ব্ৰেণ্ড এম্বেছাডৰ হিচাপে ফটো প্ৰকাশ পায়৷ জানিব পৰা মতে, বিহাৰৰ ৰাজধানী পাটনাৰ পৰা ১৬০ কিঃ মিঃ নিলগৰ জামুই জিলাত সংঘটিত হৈছে এই ঘটনা৷ ‘স্বচ্ছ জামুই সুস্থ জামুই’ নামৰ জিলা পৰ্যায়ৰ প্ৰকল্পৰ প্ৰচাৰৰ পৰা এখন বুকলেট প্ৰকাশ কৰে৷
বুকলেট খনৰ কভাৰ ফটোত যি গৰাকী কিশোৰীৰ ফটো প্ৰকাশ পাইছে সেই খন পাকিস্তানৰ বুলি একাংশ লোকে দাবী কৰাত দেশত নতুন ৰাজনীতি আৰম্ভ হৈছে৷ পাটনাৰ সুপ্ৰভাত নামৰ এটি প্ৰতিষ্ঠআনে প্ৰিণ্ট কৰিছিল এই বুকলেট৷ জিলা প্ৰশাসনে অনুমোদন দিছিল ফটো খন প্ৰকাশ কৰিবলৈ৷ ঘটনা পোহৰলৈ অহাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া হোৱাত ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে৷
‘স্বচ্ছ জামুই সুস্থ জামুই’ আঁচনিৰ বাবে ৫০০০ বুকলেট প্ৰকাশ কৰে শিক্ষা বিভাগে৷ জিলা খনৰ সকলো বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰত এই বুকলেট বিতৰণ কৰা হৈছে৷ বুকলেট খনত কিশোৰীগৰাকীয়ে হাস্যবদনে থকা দেখা গৈছে৷ বিশ্ব সংস্থা ইউনিচেফে পাকিস্তানৰ শিক্ষাৰ অগ্ৰগতিৰ বাবে প্ৰচাৰ কৰিছিল৷ জানিব পৰা মতে ইণ্টাৰনেটৰ পৰা ফটো খন ডাউনলোড কৰি প্ৰিণ্ট দিয়া বুলি জানিব পৰা যায়৷